স্পৰ্টছ ডেস্ক, 27 এপ্ৰিলঃঅহা 30 মে’ ৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত এদিনীয়া ক্ৰিকেট বিশ্বকাপ ৷ যাৰ বাবে সাজু হৈছে বিশ্বৰ প্ৰতিটো ক্ৰিকেট দল ৷ বৰ্তমান ইংলেণ্ডৰ কেইবাজনো খেলুৱৈয়ে আই পি এল আধাতে এৰি যোৱা আৰম্ভ কৰিছে ৷ আনহাতে 2 মে’ত অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে যোগদান কৰিব অষ্ট্ৰেলিয়ান কেম্পত ৷
কোন দলৰ কোন কোন বিদেশী খেলুৱৈয়ে আই পি এল এৰি যাব চাওক...
ৰাজস্থান ৰয়েলছঃ বৰ্তমান আই পি এলৰ সপ্তম স্থান আছে ষ্টিভ স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ৷ অহা 30 এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচৰ পিচতেই ৰাজস্থান ৰয়েলছৰ কেম্প ত্যাগ কৰিব ষ্টিভ স্মিথে ৷ ইয়াৰ লগতে ইংলেণ্ড ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন জছ বাটলাৰ আৰু বেন ষ্টক্ছো উভতি যাব ইংলেণ্ডলৈ ৷
ছানৰাইজাৰ্ছ হায়দৰাবাদঃ 29 এপ্ৰিলৰ পিচত ছানৰাইজাৰ্ছ হায়দৰাবাদত দেখা পোৱা নাযাব ডেভিদ ৱাৰ্ণাৰক ৷ কিংছ ইলেভেন পাঞ্জাৱ দলৰ সৈতে অনুষ্ঠিত হবলগীয়া মেচৰ পিচতেই অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ৱাৰ্ণাৰ ৷ দলটোৰ পৰা জনী বেয়াৰষ্ট’ , ছাকিব আল হাছান আৰু কেন উলিয়ামচনো অব্যাহতি ল’ব ৷
David Warner and Jonny Bairstow ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুঃ অতি সোনকালেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কেম্পৰ পৰা অব্যাহতি ল’ব ইংলেণ্ডৰ বাওঁহতীয়া অলৰাউণ্ডাৰ খেলুৱৈ মইন আলী ৷ আলীৰ লগতে অষ্ট্ৰেলিয়াৰ মাৰকা্ছ ষ্টইনিছো ত্যাগ কৰিব আই পি এল ৷
মুম্বাই ইণ্ডিয়ানছঃ মুম্বাই ইণ্ডিয়ানছৰ একাদশত দেখা পোৱা নাযাব শক্তিশালী ৰূপত আই পি এলৰ অভিষেক ঘটা আলজাৰী জছেফক ৷ ইয়াৰ লগতে শ্ৰীলংকাৰ লাছিথ মালিংগা, জেছন বেহৰেনড্ৰফ, কুইণ্টন ডি-কককো দলটোত দেখা পোৱা নাযাব ৷
চেন্নাই চুপাৰ কিংছঃচেন্নাই চুপাৰ কিংছ দলত আগন্তুক সময়ত দেখা পোৱা নাযাব দক্ষিণ আফ্ৰিকাৰ দুই তাৰকা খেলুৱৈ ইমাৰান তাহিৰ আৰু অধিনায়ক ফেফ ডু প্লেছিছক ৷ বিশ্বকাপৰ বাবে দুয়োখেলুৱৈ নিজ দেশলৈ উভতি যাব ৷
Imran Tahir and Faf du Plessis কলকাতা নাইট ৰাইডাৰ্ছঃ কলকাতা নাইট ৰাইডাৰ্ছ কেম্পৰ পৰা অব্য়াহতি ল’ব এণ্ড্ৰে ৰাছেল আৰু কাৰল’চ ব্ৰেথৱেইট আৰু ইংলেণ্ডৰ জনী ডেনলী ৷ বিশ্বকাপৰ 15 জনীয়া সদ্যসত অন্তৰ্ভূক্ত আছে দুই ৱেষ্ট ইণ্ডিজ খেলুৱৈৰ লগতে ইংলেণ্ডৰ খেলুৱৈগৰাকীৰ নাম ৷
Andre Russell and Carlos Braithwaite কিংছ ইলেভেন পাঞ্জাৱঃ আগন্তুক আই পি এলৰ মেচত পাঞ্জাৱ দলৰ লগতে ক্ৰিকেট প্ৰেমীয়ে দেখা নাপাব বিস্ফোৰক গেইলৰ ছিক্সাৰ ৷ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে নিজ দেশলৈ উভতি যাব গেইল ৷ গেইলে চলিত বৰ্ষৰ আই পি এলত 10 খন মেচত 444 ৰান কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ৱেষ্ট ইণ্ডিজৰ নিকল্ছ পোৰাণ আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰো নিজ দেশলৈ উভতি যাব ৷
আৰু পঢ়কঃ স্মিথৰ সন্মুখত ডেভিদ ৱাৰ্ণাৰ, জয়পুৰত ৰনডংকা
দিল্লী কেপিটেলছঃ বিশ্বকাপৰ বাবে দিল্লী কেপিটেলছ কেম্পৰ পৰা আই পি এল ত্যাগ কৰি নিজ দেশলৈ উভতি যাব দলটোৰ মুখ্য অস্ত্ৰ কাগিছ ৰাবাডা ৷