নিউজ ডেস্ক, 14 এপ্ৰিল: কিংছ ইলেভেন পাঞ্জাৱৰ অ'পেনাৰ ক্ৰিছ গেইল এক নতুন বিশ্বাভিলেখৰ অধিকাৰী হৈছে ৷ টি - 20 ক্ৰিকেটত 100 টা 50+ স্ক'ৰ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে গেইল ৷ 39 বছৰীয়া খেলুৱৈগৰাকীয়ে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে শনিবাৰে অনুষ্ঠিত মেচখনত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷
টি - 20 ত গেইলৰ নতুন অভিলেখ - ETV BHARAT
কিংছ ইলেভেন পাঞ্জাৱৰ বিস্ফোৰক বেটছমেন ক্ৰিছ গেইলে টি - 20 ক্ৰিকেটত 100 টা 50+ স্ক'ৰ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । 39 বছৰীয়া খেলুৱৈগৰাকীয়ে ৰয়েল ছেলেঞ্জাৰ্ৰ্ছ বাংগালোৰৰ বিৰুদ্ধে শনিবাৰে অনুষ্ঠিত মেচখনত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷
CHRIS GAYLE
তেওঁৰ মুঠ 100 টা 50+ স্ক'ৰৰ ভিতৰত 21 টা শতক আৰু 79 টা অৰ্ধশতক আছে ৷ তেওঁৰ পিছতেই ডেভিদ ধাৱানে 73 টাকৈ 50+ স্ক'ৰ গঢ়িবলৈ সক্ষম হৈছে ৷