অসম

assam

By

Published : Apr 26, 2019, 1:39 AM IST

Updated : Apr 26, 2019, 2:23 AM IST

ETV Bharat / sports

কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে জয়লাভ ৰাজস্থান ৰয়েলছৰ

আই পি এলৰ দ্বাদশ সংস্কৰণৰ 43 সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে জয়লাভ ৰাজস্থান ৰয়েলছৰ ৷ মেচখন অনুষ্ঠিত হৈছিল কলকাতাৰ ইডেন গাৰ্ডেনত ৷ অসম সন্তান ৰিয়ান পৰাগৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত জয় লাভ ৰাজস্থান ৰয়েলছ দলটোৰ ৷

etv bharat

কলকাতা, 26 এপ্ৰিলঃ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা আই পি এলৰ 43 সংখ্যক মেচখনত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হ’ল ঘৰুৱা দল কলকাতা নাইট ৰাইডাৰ্চ ৷ অসম সন্তান ৰিয়ান পৰাগৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত ৰাজস্থান ৰয়েলছ দলটোৱে অৰ্জন কৰিলে এই সফলতা ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ মেচখনত প্ৰথমে বেটিং কৰি দিনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে 6 উইকেটৰ বিনিময়ত 175 ৰানৰ লক্ষ্য বান্ধি দিয়ে ৰাজস্থান ৰয়েলচ দলটোক ৷

অন্তিম অভাৰত 7টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয় ৰাজস্থান দলটো ৷ বৃহস্পতিবাৰৰ খেলখনত ৰাজস্থান দলৰ খেলুৱৈ অসম সন্তান ৰিয়ান পৰাগে সৰ্বাধিক 47 ৰাণৰ অৱদান দলটোলৈ আগবঢ়াই ৷ মেচখনত ৰাজস্থানৰ জয়ত মুখ্য ভূমিকা পালন কৰা ৰিয়ানক ড্ৰীম ইলেভেন গেম চেঞ্জাৰ অফ ড্য মেচেৰে সন্মানিত কৰা হয় ৷ আনহাতে, উক্ত খেলখনত মেন অৱ ড্য মেচৰ সন্মান লাভ কৰে ৰাজস্থান দলৰ খেলুৱৈ বৰুণ আৰ’নে ৷

লগতে, অহা 27 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ইয়াৰ পৰৱৰ্তী খেলখনত ৰাজস্থান ৰয়েলচ দলটো মুখামুখি হ’ব চানৰাইজাৰ্চ হায়দৰাবাদৰ বিৰুদ্ধে ৷ আনহাতে, 28 এপ্ৰিল তাৰিখে কলকাতা নাইট ৰাইডাৰ্চ দলটো মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানচ দলটোৰ বিৰুদ্ধে ৷

Last Updated : Apr 26, 2019, 2:23 AM IST

ABOUT THE AUTHOR

...view details