নিউজ ডেস্ক, 27 মাৰ্চ: ভাৰতীয় ক্ৰিকেট ব'ৰ্ড আৰু অষ্ট্ৰেলিয়া ক্ৰিকেটৰ মাজৰ বিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰতত অনুষ্ঠিত হ'বলগীয়া মহিলা প্ৰিমিয়াৰ লীগৰ বাবে অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক নিৰ্বাচন কৰা নহ'ল ৷ বৃহস্পতিবাৰে বিচিচিআইয়ে ঘোষণা কৰা চুপাৰন'ভাছ, ট্ৰেইলব্লেজাৰ্ছ আৰু ভেল'ছিটী দলত এগৰাকীও অষ্ট্ৰেলিয়াৰ খেলুৱৈক অন্তৰ্ভুক্ত কৰা নহ'ল ৷ ভাৰতীয় ব'ৰ্ডে দাবী কৰা অনুসৰি অষ্ট্ৰেলিয়া ক্ৰিকেটে ব্লেকমেইলিং পন্থা আৰম্ভ কৰাৰ ফলত এই সিদ্ধান্ত গ্ৰহণ কৰে বৰ্ডে ৷ অষ্ট্ৰেলিয়াৰ মহিলা খেলুৱৈ মেগ লেনিং, এলিছ পেৰী আৰু এলিজা হিলী এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও অষ্ট্ৰেলিয়া ক্ৰিকেট ব'ৰ্ডে অনুমতি প্ৰদান নকৰিলে ৷
অষ্ট্ৰেলিয়া ক্ৰিকেট আৰু বিচিচিআইৰ বিবাদৰ নতুন মোৰ - ETV BHARAT
ভাৰতীয় ক্ৰিকেট ব'ৰ্ড আৰু অষ্ট্ৰেলিয়া ক্ৰিকেটৰ মাজৰ বিবাদে নতুন মোৰ লৈছে ৷ ভাৰতত অনুষ্ঠিত হ'বলগীয়া মহিলা প্ৰিমিয়াৰ লীগৰ বাবে অষ্ট্ৰেলিয়া খেলুৱৈসকল মুকলি কৰি নিদিলে অষ্ট্ৰেলিয়া ক্ৰিকেট ব'ৰ্ডে ৷
ইএছপিএন ক্ৰিক ইনফোক আগবঢ়োৱা সাক্ষাৎকাৰত অষ্ট্ৰেলিয়া ক্ৰিকেট এচ'ছিয়েছনে মন্তব্য কৰে যে, ভাৰতত অনুষ্ঠিত হ'বলগা এই প্ৰতিযোগিতা খনে বিশ্বৰ প্ৰতিগৰাকী মহিলা খেলুৱৈকে বিকাশ লাভ কৰিবলৈ সুন্দৰ সুযোগ প্ৰদান কৰিব ৷ খেলুৱৈসকলৰ সৈতে ভাৱ বিনিময় কৰিব তেওঁলোক প্ৰতিযোগিতাৰ বাবে সাজু হোৱা বুলিও জানিবলৈ দিয়ে ব'ৰ্ডে ৷ কোনো অষ্ট্ৰেলিয়ান খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে এটা ভাল সুযোগ হেৰুৱাব বুলি মন্তব্য কৰে ব'ৰ্ডে ৷ উল্লেখ্য যে, তিনিটা দলৰ মাজত অনুষ্ঠিত হ'বলগা এই শৃংখলাটো জয়পুৰৰ হাৱাই মানসিং ষ্টেডিয়ামত 6 মে'ৰ পৰা 11 মে'লৈ অনুষ্ঠিত হ'ব ৷