অসম

assam

ETV Bharat / sports

WTC : বৰষুণৰ বাবে বাতিল প্ৰথম দিনৰ খেল

খেলৰ পাঁচোটা দিনতে বৰষুণৰ আগজাননী দিয়া হৈছে আৰু সেয়ে আইচিচি (ICC)ক ২৩ জুনত এটা ৰিজাৰ্ভ দিন যোগ কৰা দেখা গৈছে । বৰষুণৰ বাবে খেল বাতিল হ’লে খেলখন ড্ৰ' বুলি ঘোষণা কৰা হ’ব আৰু দুয়োটা দলক যুটীয়াভাৱে বিজয়ী কৰি দিয়া হ’ব ৷

By

Published : Jun 19, 2021, 8:00 AM IST

wtc-final-rain-washes-off-opening-days-play
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ : আৰম্ভণিৰ দিনটোৰ খেলৰ পৰা নেৰানেপেৰা বৰষুণ

স্পৰ্টচ ডেক্স, 18 জুন : শুকুৰবাৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এজিয়াছ বাউল (Ageas Bowl) ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship)ৰ ফাইনেলত আৰম্ভণিৰ দিনটোৰ খেল খন বাতিল কৰা হয় ৷ টুইটাৰৰ জৰিয়তে বিচিচিআই (BCCI)য়ে লিখিছিল দুৰ্ভাগ্যৱশতঃ নেৰানেপেৰা বৰষুণৰ বাবে প্ৰথম দিনৰ খেলখন বাতিল কৰা হৈছে ৷ বিয়লি 3 বজাৰ পৰা প্ৰথম দিনৰ মেচ আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে ষ্টেডিয়ামৰ অৱস্থা শোচনীয় হৈ পৰে, যাৰ ফলস্বৰূপে স্থগিত ৰাখিবলগীয়া হয় এই মেচ ৷

ইপিনে দ্বিতীয় দিনাৰ বাবে বৰষুণ বন্ধ হোৱাৰ লগে লগে, স্থানীয় সময় অনুসৰি আবেলি 3 বজাত আৰু ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত এটা ষ্টেডিয়াম পৰিদৰ্শন কৰা কথা ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় 7:10 বজাত পুনৰ বৰষুণ আৰম্ভ হয় ।

ইয়াৰ পূৰ্বে প্ৰায় 50 মিনিটৰ বাবে বৰষুণ হোৱা নাছিল । আৰ. অশ্বিনৰ পত্নী পৃথ্বী নাৰায়ণনে টুইটাৰযোগে তেওঁৰ সন্তানৰ সৈতে খেলপথাৰখনৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছিল, "বৰষুণ বন্ধ হৈছে । অনুৰাগীসকল সুখী ৷ মই ডল আৰু সুখী গান শুনিব পাৰো আৰু @ashwinravi99 যি কৰিব লাগিব সেয়া কৰিব-দুপৰীয়াৰ আহাৰ খাওক ।"

ইপিনে আৰ. অশ্বিনয়েও খেল আৰম্ভ হোৱাৰ আগতে বৰষুণ হোৱাৰ সময়ত এজিয়াছ বাউল (Ageas Bowl) ৰ দৃশ্য শ্বেয়াৰ কৰিছিল ৷ খেলপথাৰখনৰ এটা ভিডিঅ' শ্বেয়াৰ কৰাৰ সময়ত অশ্বিনে ইনষ্টাগ্ৰামত লিখিছিল, "কেমেৰাটোত এটা ৰেইনকোটও আছে ।

উল্লেখ্য যে, খেলৰ পাঁচোটা দিনতে বৰষুণৰ আগজাননী দিয়া হৈছে আৰু সেয়ে ২৩ জুনত এটা ৰিজাৰ্ভ দিন যোগ কৰা দেখা গৈছে । ৰিজাৰ্ভ দিনত মাত্ৰ 2 ঘন্টা 50 মিনিটৰ বাবেহে খেল অনুষ্ঠিত কৰিব পাৰি ৷ খেলৰ পঞ্চম দিনাহে এই বিষয়ত সিদ্ধান্ত লয় প্ৰতিযোগিতাখনৰ লগত জড়িত মেচ ৰেফাৰীসকলে ৷

5 দিনত এদিনতকৈ বেছি দিন খেল বাতিল কৰিব লগা হ’লে ৰিজাৰ্ভ দিনটো বাতিল কৰা হ’ব বুলি আই চি চিৰ গাইডলাইনত উল্লেখ আছে ৷ বৰষুণৰ বাবে খেল বাতিল হ’লে খেলখন ড্ৰ' বুলি ঘোষণা কৰা হ’ব আৰু দুয়োটা দলক যুটীয়াভাৱে বিজয়ী কৰি দিয়া হ’ব বুলি বিশ্ব ক্ৰিকেট সন্থাই জানিব দিয়ে ৷

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বন অলি ৰবিনছনক

ABOUT THE AUTHOR

...view details