স্পৰ্টছ ডেস্ক , ৯ ছেপ্টেম্বৰ: আফগানিস্তানৰ মহিলাক ক্ৰিকেট খেলাত তালিবানে নিষেধাজ্ঞা আৰোপ কৰিলে আফগানিস্তানৰ পুৰুষ দলৰ সৈতেও ক্ৰিকেট নেখেলাৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই ৷ বৃহস্পতিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই স্পষ্ট কৰি দিয়ে যে তালিবান শাসনৰ অধীনত যদি মহিলাসকলক ক্ৰিকেট খেলিবলৈ অনুমতি দিয়া নহয়, তেন্তে Hobartত আফগানিস্তানৰ পুৰুষ দলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া খেলখন ক্ৰিকেট অষ্ট্ৰেলিয়াই বাতিল কৰিবলৈ বাধ্য হ'ব ৷
বুধবাৰে তালিবানৰ সাংস্কৃতিক আয়োগৰ মুৰব্বী আহমেদুল্লাহ ৱাছিকে মহিলাই ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় বুলি মন্তব্য কৰাৰ পিছতে আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই এই সন্দৰ্ভত নিজৰ সিদ্ধান্ত স্পষ্ট কৰি দিছে । ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে, বিশ্বজুৰি মহিলা ক্ৰিকেটক জনপ্ৰিয় কৰাটো ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বাবে গুৰুত্বপূৰ্ণ বিষয় ।
ক্ৰিকেট অষ্ট্ৰেলিয়াই জনায় যে, ক্ৰিকেট খেল সকলোৰে বাবে আৰু মহিলাই ক্ৰিকেট খেলাত তেওঁলোকে সমৰ্থন কৰে । তেওঁলোকে স্পষ্ট কৰি দিয়ে যে, শেহতীয়া বাতৰি অনুসৰি, যদিহে আফগানিস্তানে মহিলাই ক্ৰিকেট খেলাত সমৰ্থন নকৰে, তেন্তে হোবাৰ্টত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচত আফগানিস্তানৰ পুৰুষ দলক অংশগ্ৰহণৰ অনুমতি নিদিয়াৰ বাহিৰে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ওচৰত আন কোনো বিকল্প নাথাকিব । তেওঁলোকৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত অষ্ট্ৰেলিয়া আৰু তাচমানিয়ান চৰকাৰে সমৰ্থন দিয়াৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে, ২৭ নৱেম্বৰত হোবাৰ্টত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ কথা আছে ।