অসম

assam

ETV Bharat / sports

টেষ্ট ৰেংকিঙৰ শীৰ্ষ বেটছমেনৰ তালিকাৰ চতুৰ্থ স্থানত কোহলী - টেষ্ট ৰেংকিঙৰ শীৰ্ষ বেটছমেনৰ তালিকাৰ চতুৰ্থ স্থানত কোহলী

৮৯১ পইণ্টৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক স্মিথ হৈছে বৰ্তমান বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন আনহাতে উইলিয়ামছন এতিয়া ৮৮৬ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে । ৮১৪ পইণ্টৰ সৈতে কোহলীয়ে ইংলেণ্ডৰ অধিনায়ক জ' ৰুটক স্থানচ্যুত কৰে ।

test rankings
টেষ্ট ৰেংকিঙৰ শীৰ্ষ বেটছমেনৰ তালিকাৰ চতুৰ্থ স্থানত কোহলী

By

Published : Jun 17, 2021, 1:49 PM IST

স্প’ৰ্টছ ডেস্ক,১৭ জুন:বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলৰ পূৰ্বে আইচিচি(ICC) টেষ্টৰ বেটিং ৰেংকিঙত এটা স্থান আগবাঢ়ি চতুৰ্থ স্থানলৈ উন্নীত ভাৰতৰ অধিনায়ক বিৰাট কোহলী । আনহাতে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক পিছ পেলাই শীৰ্ষ স্থানত উন্নীত হয় অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ । ৮৯১ পইণ্টৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক স্মিথ হৈছে বৰ্তমান বিশ্বৰ এক নম্বৰ টেষ্ট বেটছমেন আনহাতে উইলিয়ামছন এতিয়া ৮৮৬ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে ।

৮১৪ পইণ্টৰ সৈতে কোহলীয়ে ইংলেণ্ডৰ অধিনায়ক জ' ৰুটক স্থানচ্যুত কৰে । বৰ্তমান জ' ৰুট ৭৯৭ পইণ্টৰ সৈতে পঞ্চম স্থানত আছে । তালিকাৰ শীৰ্ষ ১০ টা স্থান লাভ কৰা আৰু দুগৰাকী ভাৰতীয় ক্ৰমে উইকেটকিপাৰ বেটছমেন ঋষভ পন্ত আৰু ৰোহিত শৰ্মা । ৭৪৭ পইণ্ট লাভ কৰি যুটীয়াভাৱে দুয়োগৰাকী খেলুৱৈ আছে ষষ্ঠ স্থানত আছে । ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত প্লেয়িং ইলেভেনৰ পৰা বাদ পৰাৰ বাবে উইলিয়ামছনে ৰেংকিঙৰ শীৰ্ষ স্থান হেৰুৱায় ।

ইফালে টেষ্টৰ বলিং(Bowling) ৰেংকিঙত ৰবিচন্দ্ৰন অশ্বিন হৈছে শীৰ্ষ-১০ ৰ একমাত্ৰ ভাৰতীয় । ৮৫০ পইণ্টৰ সৈতে অশ্বিন আছে ২ নম্বৰত । অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৯০৮ পইণ্টৰ সৈতে বলিং অৰ্ডাৰৰ শীৰ্ষ স্থানত আছে । টেষ্টৰ অলৰাউণ্ডাৰ ৰেংকিঙত(test allrounder ranking) ৰবীন্দ্ৰ জাদেজা ৩৮৬ পইণ্ট আৰু অশ্বিনে ৩৫৩ পইণ্টৰ সৈতে ক্ৰমান্বয়ে দ্বিতীয় আৰু চতুৰ্থ স্থান দখল কৰি আছে । ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেচন হোল্ডাৰে ৪১২ পইণ্টৰ সৈতে ৰেংকিঙৰ প্ৰথম স্থান দখল কৰি আছে ।

লগতে পঢ়ক:ইউৰো ২০২০: স্কটলেণ্ডৰ বিৰুদ্ধে পেত্ৰিক শ্চিকৰ দুটা গ’ল

ABOUT THE AUTHOR

...view details