অসম

assam

ETV Bharat / sports

মহিলা ক্ৰিকেটাৰৰ ক্ষেত্ৰত অনমনীয়; পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ - পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ

আফগানিস্তানৰ পুৰুষ ক্ৰিকেট দলটোক বিদেশ ভ্ৰমণৰ বাবে সেউজ সংকেট প্ৰদান কৰিছে তালিবানে ৷ প্ৰথমবাৰৰ আষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত অৱতীৰ্ণ হ'ব আফাগনিস্তানৰ পুৰুষ ক্ৰিকেট দলটো ৷

Taliban gives green light to historic Aussie cricket Test
পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ

By

Published : Sep 2, 2021, 6:35 PM IST

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ : আফগানিস্তানৰ পুৰুষ ক্ৰিকেট দলৰ ওপৰত তালিবান শাসনৰ কোনো প্ৰভাৱ নপৰে ৷ শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিবৰ বাবে দেশখনৰ পুৰুষ ক্ৰিকেট দলটোক সেউজ সংকেট প্ৰদান কৰিছে তালিবানে ৷

উল্লেখ্য যে, অহা 27 ছেপ্টেম্বৰৰ পৰা হবাৰ্টৰ ব্লুণ্ডষ্টন এৰেনা(Hobart’s Blundstone Arena)ত অনুষ্ঠিত হ'ব আষ্ট্ৰেলিয়া বনাম আফগানিস্তানৰ প্ৰথমখন টেষ্ট মেচ ৷ প্ৰথমবাৰৰ আষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত অৱতীৰ্ণ হ'ব আফাগনিস্তানৰ পুৰুষ ক্ৰিকেট দলটো ৷ আজিলৈকে টেষ্ট ক্ৰিকেটত আষ্ট্ৰেলিয়াৰ মুখামুখি হোৱা নাই আফগানিস্তান ৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তালিবানে প্ৰকাশ কৰা তথ্য অনুসৰি, আফগানিস্তাৰ ক্ৰিকেট দলটোক কোনো ক্ষেত্ৰতে বাধা প্ৰদান কৰা নহয় ৷ ক্ৰিকেট দলটোৰ বিদেশ ভ্ৰমণত কোনো বাধা নাথাকে তথা পূৰ্বৰ দৰে দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷

লগতে পঢ়ক:আৰ্হি সলনি হ'লেও স্থিতি একেই; আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব সংগীত

তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-মুৰব্বী আহমেদুল্লাহ ৱাছিকে কয়, ভৱিষ্যতে আমি সকলো দেশৰ সৈতে সুসম্পৰ্ক কৰিব বিচাৰো ৷ বিশ্বৰ সৈতে সুসম্পৰ্ক থাকিলেহে আফগান খেলুৱৈ সকলে বিদেশত খেলিবলৈ যাব পাৰিব আৰু অন্য দেশৰ খেলুৱৈ সকলেও আফগানিস্তানত খেলিবলৈ আহিব পাৰিব ৷

কিন্তু তালিবানে আফগানিস্তানৰ ক্ৰিকেট দলটোক সেউজ সংকেট প্ৰদান কৰিলেও দলটোৱে কেনে ধৰণৰ সাজ পৰিধান কৰিব তাক লৈয়ো ক্ৰীড়া প্ৰেমী সকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷ তদুপৰি আফগানিস্তানৰ ৰাষ্ট্ৰীয় সংগীত কি হ'ব, লগতে কোনখন পতাকাৰ অধীনত ক্ৰিকেট দলটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা আগবঢ়াব তাক লৈয়ো বিভিন্ন জনৰ মাজত চৰ্চা অব্যাহত আছে ৷

লগতে পঢ়ক:কাবুলৰ এৰি যোৱাৰ সময়ত বিমানৰ পৰা পৰি মৃত্যু প্ৰাক্তন আফগান ফুটবলাৰৰ

এই সন্দৰ্ভত আহমেদুল্লাহ ৱাছিকে কয়, ক্ৰিকেটাৰসকলে কোনখন পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ অধীনত প্ৰতিদ্বন্দিতা আগবঢ়াব, সেই ক্ষেত্ৰত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই তালিবানে ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত তালিবানে সিদ্ধান্ত ল'ব বুলি কয় ৱাছিকে ৷ লগতে ইছলামিক আইন অনুসৰি পোচাক পৰিধান কৰাতো অতি গুৰুত্বপূৰ্ণ বুলি সদৰি কৰে আহমেদুল্লাহ ৱাছিকে ৷

ইফালে, আফগানিস্তান পুৰুষ ক্ৰিকেট দলটোক বিদেশ ভ্ৰমণৰ অনুমতি প্ৰদান কৰিলেও মহিলাৰ ক্ষেত্ৰত অনমনীয় তালিবানে আফগানিস্তানৰ মহিলা ক্ৰিকেট দলটোৰ ক্ষেত্ৰত কেনে স্থিতি গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ'ব ৷ বৰ্তমানেও মহিলা ক্ৰিকেট দলটোৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰা নাই তালিবানে ৷ জানিব পৰা মতে, আফগানিস্তানৰ মহিলা ক্ৰিকেটাৰ সকল এতিয়াও দেশখনতে আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক: আফগানিস্তানত থকা মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতিবলৈ অনুমতি তালিবানৰ

ABOUT THE AUTHOR

...view details