স্প’ৰ্টছ ডেস্ক, 25 অক্টোবৰ :চলিত টী20 বিশ্বকাপৰ প্ৰথমখন মেচতেই পাকিস্তানৰ হাতত 10 উইকেটত পৰাস্ত হয় ভাৰতীয় দল ৷ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ হাতত পৰাজিত হয় ভাৰত ৷ টী20 বিশ্বকাপৰ প্ৰথমখন মেচতেই পৰাজয়ে ভাৰতীয় দলটোৰ মাজত চাপ বৃদ্ধি কৰিছে ৷
এই খেলখনৰ পিছত হাৰ্ডিক পাণ্ডিয়াই অধিনায়ক বিৰাট কোহলীৰ চিন্তা অধিক বৃদ্ধি কৰিছে ৷ বিশ্বকাপত পাণ্ডিয়াৰ ৰূপত ভাৰতে বৃহৎ জোকাৰণি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ কিয়নো পাকিস্তানৰ সৈতে হোৱা মেচখনৰ পিছতেই পাণ্ডিয়াক পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়া হয় ৷ হাতৰ আঘাতৰ বাবেই দেওবাৰৰ খেলখনতো ফিল্ডিং কৰিবলৈ পথাৰত নমা নাছিল পাণ্ডিয়া ৷
পাণ্ডিয়াৰ ঠাইত এই মেচত ইশান কিশন পথাৰত নামিছিল ৷ পাণ্ডিয়াৰ আঘাতৰ গভীৰতা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ কিন্তু তেওঁক সুৰক্ষাৰ খাতিৰত পৰীক্ষা কৰিবলৈ পঠোৱা হৈছে ৷
সোঁ-কান্ধত আঘাত পাইছিল হাৰ্ডিক পাণ্ডিয়াই
বিচিচিআয়ে কয় যে, বেটিঙৰ সময়ত সোঁ-কান্ধত আঘাত পাইছিল পাণ্ডিয়াই ৷ পাণ্ডিয়াই পাকিস্তানৰ বিৰুদ্ধে খেলখনত 11 ৰাণ সংগ্ৰহ কৰিছিল ৷ ভাৰতে 31 অক্টোবৰত নিউজিলেণ্ডৰ বিপৰীতে দ্বিতীয়খন খেল খেলিব ৷ এনে সময়ত পাণ্ডিয়াৰ আঘাতে ভাৰতৰ চিন্তা বৃদ্ধি কৰিছে ৷ পাণ্ডিয়াৰ আঘাতক লৈ পূৰ্বৰে পৰা চিন্তাত আছিল ভাৰতীয় দল ৷ কিয়নো তেওঁ দীৰ্ঘসময় ধৰি বলিং কৰিব পৰা নাছিল ৷
পিঠিৰ বিষতো ভূগি আছিল পাণ্ডিয়াই
পাণ্ডিয়াক পাকিস্তানৰ সৈতে খেলা মেচখনত বলাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ পাকিস্তানৰ সৈতে মেচখন পাণ্ডিয়াৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল ৷ কিয়নো এইখন তেওঁৰ 50 সংখ্যক টী20 মেচ আছিল ৷ টছৰ পিছত ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা কথা-বতৰাত পাণ্ডিয়াই কৈছিল যে, তেওঁ পিঠিৰ বিষত ভূগি আছে ৷ সম্প্ৰতি তেওঁৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত ৷ তেওঁ লগতে কয়, তেওঁ এতিয়া বলিং নকৰে ৷ কিন্তু নক আউট মেচ ওচৰ চপাৰ লগে লগে বলিং কৰিব ৷
বলিঙক লৈ পাণ্ডিয়া আৰু দলৰ পৰিচালনা সমিতিৰ মাজত দীঘলীয়া আলোচনা হৈছিল ৷ দলটোৰ অধিনায়ক বিৰাট কোহলীয়ে পূৰ্বে কৈছিল যে, টুৰ্নামেণ্টৰ একাংশ মেচত হাৰ্ডিক পাণ্ডিয়াক বলাৰ হিচাপে ব্যৱহাৰ কৰা হ’ব ৷ কোহলীয়ে লগতে কৈছিল যে, পাণ্ডিয়া সেইটো স্তৰত আছে, য’ত কিছু কিছু স্থানত তেওঁ বলিং কৰিব পাৰিব ৷ কোহলীয়ে পাণ্ডিয়াক সদায় এগৰাকী বলাৰৰ ৰূপতেই সমৰ্থন কৰি আহিছে ৷
লগতে পঢ়ক :ICC Men's T20 World Cup : পাকিস্তানৰ হাতত শোচনীয় পৰাজয় ভাৰতৰ