স্পৰ্টছ ডেস্ক, 3 নৱম্বৰ :আজি টি20 বিশ্বকাপত আফগানিস্তানৰ বিপৰীতে পথাৰত নামিব ভাৰতীয় দল ৷ মেছৰ পূৰ্বে মঙলবাৰে ডুবাইৰ ICC একাডেমীত optional training sessionৰ অন্তত আজিৰ মেছখনক লৈ পৰিকল্পনাৰ বাবে আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা যায় অধিনায়ক বিৰাট কোহলী, মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰী আৰু মেন্টৰ এম এছ ধোনীক ৷ ইয়াৰ উপৰিও Sessionৰ অন্তত পুনৰ আলোচনাত মিলিত হয় দলটোৰ মেন্টৰ এম এছ ধোনী আৰু অধিনায়ক বিৰাট কোহলী ৷
অধিনায়ক বিৰাট কোহলী আৰু উপ অধিনায়ৰ ৰোহিত শৰ্মাই প্ৰথমে নেটত অনুশীলন কৰে ৷ কিন্তু এই প্ৰশিক্ষণৰ পৰা বিৰত থাকে পেচাৰ জছপ্ৰীত বুমৰাহ আৰু মহম্মদ শামী ৷ ইয়াৰ বিপৰীতে প্ৰশিক্ষণত উপস্থিত থাকে বেটছমেন সূৰ্যকুমাৰ যাদৱ ৷