স্পৰ্টছ ডেস্ক,১২ মাৰ্চ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজত চলি আছে এদিনীয়া শৃংখলা । ইতিমধ্যে হৈ যোৱা দুখন খেলত প্ৰতিটো দলে এখনকৈ খেলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । কিন্তু তৃতীয় খেলত ভাগ্যই লগ নিদিলে ভাৰতীয় দলটোক । শুকুৰবাৰে অনুষ্ঠিত এই খেলখনত ডাকৱৰ্থ/লুইছ পদ্ধতিৰ জৰিয়তে ৬ ৰাণৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হয় ভাৰতীয় মহিলা ক্ৰিকেট দলটো ।
উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰথমে বেট ধৰি পুনম ৰাৱটৰ ১০৮ ৰাণৰ সহযোগেৰে ৫০ অ'ভাৰৰ অন্তত ২৪৮ ৰাণৰ লক্ষ্য ৰাখিছিল দক্ষিণ আফ্ৰিকাৰ সন্মুখত । পৰৱৰ্তী ইনিংছত দক্ষিণ আফ্ৰিকাৰ হৈ লী ষ্ট্ৰাকে ১৩২ ৰাণেৰে ৪৭ অ'ভাৰত ২২৩ ৰাণ সংগ্ৰহ কৰে যদিও বৰষুণৰ বাবে খেল স্থগিত ৰাখিব লগীয়া হয় । আনহাতে সেই সময়ত দক্ষিণ আফ্ৰিকাৰ দলটো ডি/এল পদ্ধতিৰ জৰিয়তে ৬ ৰাণ পিছ পৰি আছিল ।