অসম

assam

ETV Bharat / sports

ঋষভ পন্ত ভাৰতৰ ভৱিষ্যতৰ অধিনায়ক:আজহাৰুদ্দিন - India captaincy

ভাৰতৰ যুৱ প্ৰজন্মৰ বিগ হিটাৰ ঋষভ পন্তকলৈ চৰ্চা অব্যাহত । শেহতীয়াকৈ উন্নত প্ৰদৰ্শনৰ বাবে এইবাৰ প্ৰাক্তন অধিনায়ক আজহাৰুদ্দিনৰ প্ৰশংসা পন্তক । ভৱিষ্যতে পন্তক ভাৰতৰ অধিনায়ক হিচাপে আশা কৰিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

ঋষভ পান্ট ভাৰতৰ ভৱিষ্যতৰ অধিনায়ক:আজহাৰুদ্দিন
ঋষভ পান্ট ভাৰতৰ ভৱিষ্যতৰ অধিনায়ক:আজহাৰুদ্দিন

By

Published : Apr 1, 2021, 5:49 PM IST

স্পৰ্টছ ডেস্ক,১ এপ্ৰিল: ভাৰতৰ নতুন প্ৰজন্মৰ উইকেট কীপাৰ-বেটছমেন ঋষভ পন্তে শেহতীয়াকৈ সুন্দৰ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । উন্নত প্ৰদৰ্শনৰ বাবে বহুতৰে প্ৰশংসাৰ পাত্ৰ হৈছে খেলুৱৈগৰাকী । এইবাৰ ভাৰতৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনে প্ৰশংসা কৰিলে পন্তক । তেওঁৰ মতে ঋষভ পন্তে ভৱিষ্যতে 'মেন ইন ব্লু'ৰ নেতৃত্ব ল'ব ।

টুইটযোগে তেওঁ কয় যে, বিগত কেইটামান মাহত সকলো ফৰমেটতে পন্তে উন্নত প্ৰদৰ্শনেৰে দলত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । তেওঁক যদি ভৱিষ্যতে নিৰ্বাচকসকলে অধিনায়ক হিচাপে বিবেচনা কৰে তেনেহলে তাত আচৰিত হ'বলগীয়া কথা নাই বুলিও তেওঁ উল্লেখ কৰে । আগন্তুক দিনত তেওঁৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোৱে শীৰ্ষ স্থান লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে আজহাৰুদ্দিনে ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টত ক্ৰমে ৯৭ আৰু ৮৯ ৰাণ সংগ্ৰহ কৰি ভাৰতক গাভাস্কাৰ ট্ৰফী দখলত অৰিহণা যোগাইছিল পন্তে । ইফালে আহি থকা আইপিএলত দিল্লী কেপিটেলছত শ্ৰেয়াস আয়াৰ আঘাতপ্ৰাপ্ত হোৱা বাবে ঋষভ পন্তে দলটোক নেতৃত্ব দিব ।

লগতে পঢ়ক:আইপিএল ২০২১: চেন্নাইত উপস্থিত মুম্বাই ইণ্ডিয়ানছ

ABOUT THE AUTHOR

...view details