স্পৰ্টছ ডেস্ক,7 ডিচেম্বৰঃ সম্প্ৰতি খ্ৰীষ্টচাৰ্ছত আইশ্ব'লেছনত থকা পাকিস্তান ক্ৰিকেট দলটোৱে স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুমতি মৰ্মে প্ৰশিক্ষণৰ বাবে সাজু হৈছে ৷ উল্লেখ্য যে, পাকিস্তানী ভ্ৰমণকাৰী দলটোৱে আইশ্ব'লেছনৰ দ্বাদশটো দিনত কৰা ক’ভিড-19 পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছতেই বৃহস্পতিবাৰে তেওঁলোক কুইনজ টাউনলৈ ৰাওনা হ’ব ৷ এই কথা এক বিবৃতিযোগে জনায় নিউজিলেণ্ড ক্ৰিকেটে ৷
কুইনষ্টোনত উপস্থিত হোৱাৰ পিছতেই আটাইকেইগৰাকী খেলুৱৈ নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলগীয়া টি-20 আৰু টেষ্ট শৃংখলাৰ বাবে অনুশীলন আৰম্ভ কৰিব ৷
বিগত 24 নৱেম্বৰত তিনিখন টি-20 আৰু দুখন টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে দলৰ ষ্টাফৰ সৈতে নিউজিলেণ্ডত আহি উপস্থিত হৈছিল পাকিস্তান ক্ৰিকেট দলটো ৷ কিন্তু নিউজিলেণ্ডত উপস্থিত হোৱাৰ পিছতে দলটোৰ 10 জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ অৱস্থিতি ৷