অসম

assam

ETV Bharat / sports

শচীন তেণ্ডুলকাৰে কেতিয়া সংগ্ৰহ কৰিছিল প্ৰথম এদিনীয়া শতক ? - আন্তৰাষ্ট্ৰীয় ক্ৰিকেট

শচীন তেণ্ডুলকাৰে সেই খেলখনত ১৩০ টা বলত ১১০ ৰাণ সংগ্ৰহ কৰিছিল । লক্ষণীয়ভাৱে খেলখনত তেণ্ডুলকাৰৰ বাহিৰে ভাৰতীয় কোনো খেলুৱৈয়ে ৫০ ৰাণৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল । খেলখনত শচীন তেণ্ডুলকাৰক প্লেয়াৰ অফ দ্য মেচৰ বঁটা দিয়া হৈছিল ।

Tendulkar scored his maiden ODI ton
শচীন তেণ্ডুলকাৰে কেতিয়া সংগ্ৰহ কৰিছিল প্ৰথম এদিনীয়া শতক

By

Published : Sep 9, 2021, 3:35 PM IST

স্পৰ্টছ ডেস্ক,৯ ছেপ্টেম্বৰ :৯ ছেপ্টেম্বৰ ক্ৰিকেট ইতিহাসৰ বাবে এটা বিশেষ দিন । কিয়নো এই দিনটোতে ২৭ বছৰ পূৰ্বে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে (Sachin Tendulkar) প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰিছিল । পাঁচ বছৰৰ অন্তত প্ৰায় ৭৮ খন এদিনীয়া খেলাৰ পাছত প্ৰথমটো শতক অৰ্জন কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ (The Master Blaster) শচীন তেণ্ডুলকাৰে । কলম্বোত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো শতক ।

এদিনীয়াত মুঠ ৪৯ টা শতক (49 ODI centuries) অৰ্জন কৰা শচীন তেণ্ডুলকাৰে সেই খেলখনত ১৩০ টা বলত ১১০ ৰাণ সংগ্ৰহ কৰিছিল । লক্ষণীয়ভাৱে খেলখনত তেণ্ডুলকাৰৰ বাহিৰে ভাৰতীয় কোনো খেলুৱৈয়ে ৫০ ৰাণৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল । খেলখনত ভাৰতে ৩১ ৰাণত বিজয় সাব্যস্ত কৰিছিল আৰু এই বিজয়ত শচীন তেণ্ডুলকাৰৰ শতক অতি গুৰুত্বপূৰ্ণ আছিল । দুটা ছয় আৰু আঠটা চাৰিৰে সুন্দৰ শতকৰ বাবে শচীন তেণ্ডুলকাৰক প্লেয়াৰ অফ দ্য মেচৰ বঁটা দিয়া হৈছিল ।

তেণ্ডুলকাৰে এদিনীয়াৰ পূৰ্বে টেষ্টত শতক অৰ্জন কৰিছিল । তেওঁৰ বয়স আছিল তেতিয়া ১৭ বছৰ ১১২ দিন । সেই সময়তে তেওঁ টেষ্টৰ প্ৰথম শতক অৰ্জন কৰি তৃতীয় সৰ্বকনিষ্ঠ বেটছমেন হিচাপে চৰ্চিত হয় ।

আঠখন টেষ্ট খেলাৰ পাছতে তেওঁ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰলৈ ১০০ ৰ অধিক ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে হোৱা এখন টেষ্টৰ অন্তিম ইনিংছত ১৮৯ টা বলত ১১৯ ৰাণ সংগ্ৰহ কৰি তেণ্ডুলকাৰে খেলখন ড্ৰ কৰাত সহায় কৰিছিল । খেলখনত তেওঁ প্ৰথমটো প্লেয়াৰ অফ দ্য মেচৰ (Player of the Match) খিতাপ লাভ কৰে । মহাৰাষ্ট্ৰত জন্ম লাভ কৰা খেলুৱৈ গৰাকীয়ে ক্ৰিকেটক সুন্দৰ কেৰিয়াৰ হিচাপে গঢ় দিছিল, যাৰ ফলস্বৰূপে তেওঁ জীৱনত কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ।

তেণ্ডুলকাৰে ১৯৮৯ চনৰ ১৫ নৱেম্বৰত টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । একে বছৰতে ১৮ ডিচেম্বৰত তেওঁ প্ৰথমখন এদিনীয়া খেল খেলিছিল । তাৰকা ক্ৰিকেটাৰজনৰ খেলৰ দীঘল ফৰ্মেটত সৰ্বমুঠ ৰাণ হৈছে ১৫,৯২১ । তেণ্ডুলকাৰে সৰ্বাধিক ৫১ টা টেষ্ট শতক অৰ্জন কৰিছে ।

এদিনীয়া ফৰ্মেটতো সৰ্বাধিক ৰাণৰ তালিকাৰ শীৰ্ষত আছে তেণ্ডুলকাৰ । তেওঁ এদিনীয়াত ১৮,৪২৬ ৰাণ সংগ্ৰহ কৰিছে য'ত ৪৯ টা শতক অন্তৰ্ভুক্ত আছে । তেণ্ডুলকাৰে তেওঁৰ কেৰিয়াৰত ছয় খন বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে । তেওঁ ২০১১ চনৰ বিশ্বকাপ (2011 World Cup) বিজয়ী ভাৰতীয় দলটোৰ অংশ আছিল ।

লগতে পঢ়ক :T20 World Cup : ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচিত খেলুৱৈসকল...

ABOUT THE AUTHOR

...view details