স্পৰ্টছ ডেস্ক, ১০ অক্টোবৰ :ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে মহিলাৰ টি-২০ শৃংখলা । দেওবাৰে এই শৃংখলাৰ অন্তিমখন খেল অষ্ট্ৰেলিয়াৰ অ'ভেলত অনুষ্ঠিত হৈছে । ইতিমধ্যে টছত জয়ী হৈ ভাৰতীয় মহিলা দলটোৱে বলিঙৰ সিদ্ধান্ত লৈছিল ।
তাৰ পাছতে অষ্ট্ৰেলিয়াৰ প্ৰথমে বেট ধৰি ২০ অভাৰত ১৪৯ ৰাণ সংগ্ৰহ কৰে । ১৫০ ৰাণৰ লক্ষ্যৰে এতিয়া হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বেটিং কৰি আছে । অষ্ট্ৰেলিয়াৰ হৈ বেথ মুথিয়ে ৬১ ৰাণ আৰু তাহেলিয়া মেকগ্ৰাই ৮৮ ৰাণ সংগ্ৰহ কৰে । ইফালে প্ৰথম ইনিংছত ভাৰতীয় বলাৰ ৰাজেশ্বৰী গায়কৱাডে যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে ।