স্প’ৰ্টছ ডেস্ক, ১৪ ডিচেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ পুৰণি খেলুৱৈৰ বিতৰ্কই এতিয়া দলটোৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে বিৰাট কোহলিয়ে(Virat kohli skip ODI series) । ইয়াৰ পূৰ্বে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে এদিনীয়া শৃংখলাৰ দলৰ অধিনায়ক ৰোহিত শৰ্মা এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছিল(Rohit sharma out from South Africa match) । তেওঁৰ বিকল্প হিচাপে প্ৰিয়ংক পাঞ্চালক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
বিৰাট কোহলিয়ে তেওঁৰ কন্যা ভামিকাৰ প্ৰথম জন্মদিন উদযাপন কৰিবলৈ এদিনীয়া শৃংখলাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে । বিগত বৰ্ষৰ ১১ জানুৱাৰীত ভামিকাৰ হৈছিল । সেয়ে বিৰাটে শৃংখলাৰ সমাপ্তিৰ পাচত তেওঁৰ পৰিয়ালৰ সৈতে কিছুসময় অতিবাহিত কৰাৰ পৰিকল্পনা কৰিছে । দক্ষিণ আফ্ৰিকাত অন্তিমখন শৃংখলা ১১-১৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ।
আনহাতে, এদিনীয়া শৃংখলা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব(ODI series in South Africa) । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে শেহতীয়াকৈ ৰোহিত শৰ্মাক বগা বলৰ অধিনায়ক হিচাপে নিযুক্তি দিছিল ।