নিউজ ডেস্ক, 24 অক্টোবৰ :কোটি কোটি ক্ৰীড়াপ্ৰেমিক আশাহত কৰি বাবৰ বাহিনীৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে কোহলী বাহিনীৰ ৷ এই পৰাজয়ৰে কোহলী বাহিনীয়ে ৰচনা কৰিলে এক নজিৰ বিহীন ইতিহাস ৷ পাকিস্তানৰ হাতত 10 উইকেটত পৰাস্ত হ’ল ভাৰতীয় ক্ৰিকেট দল ৷ টি-20 বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে এয়াই হৈছে ভাৰতৰ প্ৰথমটো পৰাজয় ৷
টছত জিকি পাকিস্তানৰ অধিনায়ক বাবৰে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় কোহলী বাহিনীক ৷ কিন্তু, পাকিস্তানী বলাৰৰ সমুখত বিৰাট কোহলী আৰু ঋষভ পান্টৰ বাহিৰে ভাৰতৰ কোনো এজন বেটছমেনেই তিষ্ঠি থাকিব নোৱাৰিলে ৷ প্ৰথম অভাৰৰ চতুৰ্থটো বলতে কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হয় হিটমেন খ্যাত ৰোহিত শৰ্মা ৷ একেদৰে, তৃতীয় অভাৰৰ প্ৰথমটো বলত নিজৰ উইকেট হেৰুৱাই পেভিলিয়নলৈ ওভটে একেৰাহে তিনিবাৰকৈ আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী কে এল ৰাহুল ৷