স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : আগন্তুক ভাৰত-নিউজিলেণ্ডৰ টেষ্ট মেচ(Test Match)ৰ বাবে শুকুৰবাৰে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি কমিটী(All-India Senior Selection Committee)য়ে বাছনি কৰিছে ভাৰতীয় দলৰ খেলুৱৈসকলক ৷ কমিটীয়ে ঘোষণা কৰা অনুসৰি, ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টেষ্ট মেচত টীম ইণ্ডিয়া(Team India)ৰ নেতৃত্ব বহন কৰিব আজিংক্য ৰাহানে(Ajinkya Rahane)ই ৷
আগন্তুক 25 নৱেম্বৰত কানপুৰত অনুষ্ঠিত হ’ব প্ৰথম টেষ্ট মেচখন ৷ আনহাতে, প্ৰথমখন টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বিৰাট কোহলী(Virat Kohli) ৷ 3 ডিচেম্বৰত মু্ম্বাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচতহে ভাগ ল’ব কোহলীয়ে ৷