স্পৰ্টছ ডেস্ক, 6 ডিচেম্বৰ : নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত জয়লাভ ভাৰতৰ ৷ 372 ৰাণৰ বৃহৎ ৰাণৰ ব্যৱধানত জয়লাভ ভাৰতৰ ৷ সোমবাৰে খেলৰ আৰম্ভণিৰ ৪৩ মিনিটত, ৰবিচন্দ্ৰন অশ্বিনে (৪/৩৪) ঋদ্ধিমান সাহাৰ ৰিফ্লেক্স ষ্টাম্পিংৰ ফলত লাভান্বিত হয় আৰু লগতে ভাৰতৰ মাটিত তেওঁৰ ৩০০ তম উইকেট সম্পূৰ্ণ কৰে ৷
এই মাৰ্জিনত বিজয় দেশৰ মাটিত ভাৰতৰ প্ৰথমটো বিজয় ৷ কানপুৰত সম্পূৰ্ণ শক্তিৰে যুঁজ দিয়া ভাৰতীয় দলটোৰ অতিৰিক্ত বাউন্স আৰু টাৰ্ণে এখন মেচত কিৱি বাহিনীৰ বাবে চিনাকি সমস্যাৰ সৃষ্টি কৰিছিল যিখন খেলত তেওঁলোকে এজাজ পেটেলৰ 10 উইকেটৰ বীৰত্বৰ বাবে মনত ৰাখিবলৈ চেষ্টা কৰিব ।
আজিৰ খেলখনত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ৰবিচন্দ্ৰন অশ্বিনে ৷ নিউজিলেণঢৰ স্কিপাৰ টম লাথাম, উইল য়ং, ৰছ টেইলৰক নিজৰ দূৰ্দান্ত বলিঙৰ দ্বাৰা পেভিলিয়নলৈ উভটাই পঠায় অশ্বিনে ৷ যিয়ে দ্বিতীয় টেষ্টৰ তৃতীয়টো দিনত ভাৰতৰ বিজয় সুনিশ্চিত কৰে ৷ অশ্বিনে আজিৰ মেছখনত 17 অভাৰত 27 ৰাণ প্ৰদান কৰি 3 উইকেট দখল কৰিবলৈ সক্ষম হয় ৷
অশ্বিনে একেটা বছৰতে 50 টাতকৈ অধিক দখল কৰি প্ৰাক্তন ক্ৰিকেটাৰ অনিল কুম্বলে আৰু হৰভজন সিঙৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে ৷
একেটা বছৰতে 50 বা তাতকৈ অধিক টেষ্ট উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰসকল :
4- ৰবিচন্দ্ৰন অশ্বিন (2015, 2016, 2017, 2021)