স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ : T-20 বিশ্বকাপত ভাৰতীয় দলটোৰ প্ৰদৰ্শন যথেষ্ট উন্নত নহ’লেও বৰ্তমানলৈকে আশাপ্ৰদ হৈ আছে ৷ কিন্তু কিছু জ্যেষ্ঠ খেলুৱৈয়ে নিউজিলেণ্ডৰ বিপৰীতে অনুষ্ঠিত হ’বলগীয়া T-20I শৃংখলা খেলাৰ পৰা বিৰত থকাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে ৷ শেহতীয়া প্ৰদৰ্শনলৈ চালে এই শৃংখলাত কে এল ৰাহুলে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ বুলি সম্ভাৱনা প্ৰকট হোৱা দেখা গৈছে ৷
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অধিনায়কৰ পদৰ বাবে ৰাহুলৰ নাম চৰ্চালৈ আহিছে ৷ সূত্ৰটোৱে কয় যে, "জ্যেষ্ঠসকলক বিৰতিৰ প্ৰয়োজন আৰু এয়া কোনো গোপন কথা নহয় যে, দলটোৰ টি20 ফৰ্মেটৰ তেওঁ এটা গুৰুত্বপূৰ্ণ অংশ ৷ গতিকে তেওঁ দলক নেতৃত্ব দিয়াটো প্ৰায় নিশ্চিত ৷ "
আনহাতে, যোৱা দেওবাৰে কিৱি বাহিনীৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাগৰৰ বিষয়টো সন্দৰ্ভত আলোকপাত কৰে জছপ্ৰীত বুমৰাহে ৷
তেওঁ কয় যে, "কেতিয়াবা আমাক বিৰতিৰ প্ৰয়োজন হয় ৷ কেতিয়াবা আপুনি নিজৰ পৰিয়ালৰ লোকক মনত পেলায় ৷ প্ৰায় ছমাহ ধৰি আপুনি এই পথত আছে ৷ গতিকে কেতিয়াবা আপুনৰ মন-মগজুত এইসমূহ কথাই ক্ৰিয়া কৰি থাকে ৷ কিন্তু যেতিয়া আপুনি পথাৰত থাকে তেতিায় আপুনি এইসমূহ কথা চিন্তা নকৰে ৷ আপুনি বহু কথা নিয়ন্ত্ৰণ নকৰে যেনে সময়সূচী কেনেদৰে চলি থাকে বা কেতিয়া কি টুৰ্ণামেণ্ট খেলা হয় ৷"