স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰ : চলিত ভাৰত-নিউজিলেণ্ডৰ মাজৰ দ্বিতীয়খন টেষ্টত ইতিহাস ৰচিলে নিউজিলেণ্ডৰ স্পিনাৰ এজাজ পেটেলে (Ajaz Patel record in test cricket)৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত 10 টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা তৃতীয়গৰাকী বলাৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হ’ল এজাজে ৷ মুম্বাই বাংখেড়ে ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টত শনিবাৰে ভাৰতৰ বিৰুদ্ধে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় এজাজে ৷
পেটেলে 119 ৰাণ প্ৰদান কৰি দহটা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ভাৰতে প্ৰথম ইনিংছত 325 ৰানতে অল আউট হ’বলগীয়া হয় ৷ এজাজে 10 নম্বৰ উইকেট দখল কৰাৰ লগে লগে তেওঁৰ এই সাফল্যক উৎসাহ প্ৰদান কৰিবলৈ ভাৰতীয় ক্ৰিকেটৰ ৰবিচন্দ্ৰন অশ্বিনেও থিয় হৈ হাত চাপৰি বজায় ৷