নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: মহিলা টি-20 বিশ্বকাপৰ (ICC women T20 WC) গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ নিউজিলেণ্ডৰ কেপটাউন ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত 7 উইকেটত চুবুৰীয়া দেশ পাকিস্তানক পৰাস্ত কৰে ভাৰতে ৷ ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল 150 ৰাণৰ (Indian women cricket team beat Pakistan) ৷
আজিৰ খেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় পাকিস্তানৰ দলটোৱে ৷ নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই দলটোৱে সংগ্ৰহ কৰে 149 ৰাণ ৷ পাকিস্তানৰ হৈ অধিনায়ক বিছমাহ মাৰুফে 68 ৰাণ কৰি অপৰাজতি হৈ থাকে ৷ লগতে আয়েশা নাছীমেও 43 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ভাৰতৰ হৈ ৰাধা যাদৱে 2 টা আৰু দিপ্তী শৰ্মা, পূজা ৱাষ্টাকাৰে 1 টাকৈ ইউকেট লাভ কৰে (India Vs Pakistan cricket match) ৷
150 ৰাণৰ লক্ষ্য আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰা ভাৰতীয় দলটোৱে 19 অভাৰত 3 টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে ৷ ভাৰতৰ হৈ জেমিমা ৰ’ড্ৰিগছে 53 ৰাণ আৰু ৰিচা ঘোষে 31 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ শেফালী বাৰ্মাই 33 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ পাকিস্তানৰ নাশৰা সন্ধুৱে 2 টা আৰু ছাদিবা ইকবালে এটা উইকেট লাভ কৰে ৷ অহা 15 ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ভাৰতীয় মহিলা ক্ৰিকেট দলটো (India Beat Pakistan in Women T20 WC) ৷