অসম

assam

ETV Bharat / sports

IND vs WI 2023 : অদমনীয় ভাৰত, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ক্লিন চুইপৰ আশাত ৰোহিত বাহিনী - 5th day Ind vs WI test

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতৰ বিজয়ৰ সম্ভাৱনা । টেষ্টৰ অন্তিম দিনা ভাৰতক প্ৰয়োজন ৮ টা উইকেটৰ । প্ৰথম ইনিংছত ২৫৫ ৰাণতে অলআউট হৈছিল ঘৰুৱা দলটো ।

IND vs WI 2023
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ক্লিন চুইপৰ আশাত ভাৰত

By

Published : Jul 24, 2023, 12:10 PM IST

স্পৰ্টছ ডেস্ক, ২৪ জুলাই :ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতীয় দলৰ । ৱেষ্ট ইণ্ডিজৰ বাবে প্ৰথমখন টেষ্টত শোচনীয় পৰাজয়ৰ পাছত দ্বিতীয়খনো নিজৰ হাতৰ পৰা যোৱাৰ উপক্ৰম হৈছে । দ্বিতীয় টেষ্টত দুবাৰকৈ বৰষুণে বাধা দিয়াৰ পাছতো ভাৰতে ৩৬৫ ৰাণৰ লক্ষ্য বান্ধি দিছে । চতুৰ্থ দিনা খেলৰ অন্তত ঘৰুৱা দলটোৱে ২ টা উইকেট হেৰুৱাই ৭৬ ৰাণ সংগ্ৰহ কৰিছে ।

পঞ্চম অৰ্থাৎ অন্তিম দিনা এতিয়া দলটোক প্ৰয়োজন ২৮৯ ৰাণৰ । কিন্তু ভাৰতীয় বলাৰ সকলৰ ওচৰত ৱেষ্ট ইণ্ডিজ দলটো কিমান সময় ক্ৰিজত থাকিব সেয়াহে লক্ষণীয় হ'ব । কিয়নো দ্বিতীয় টেষ্টত মহম্মদ চিৰাজে ৫ টা উইকেটেৰে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছে । যাৰ বাবে প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজে মাত্ৰ ২৫৫ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ।

প্ৰথম ইনিংছত ১৮৩ ৰাণৰ বৃহৎ অগ্ৰগতি লাভ কৰাৰ পাছত ভাৰতে দ্বিতীয় ইনিংছত দুই উইকেটত ১৮১ ৰাণ সংগ্ৰহ কৰি ঘৰুৱা দলটোক ৩৬৫ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । ভাৰতে ১২.২ অভাৰতে ১০০ ৰাণ সংগ্ৰহ কৰে, যি টেষ্ট ক্ৰিকেট ইতিহাসৰ দ্ৰুততম দলীয় শতক হিচাপে পৰিগণিত হৈছে । ঈশান কিষাণে তেওঁৰ দ্বিতীয় টেষ্টত ৩৪ টা বলত অপৰাজিত ৫২ ৰাণ সংগ্ৰহ কৰে । টেষ্ট ক্ৰিকেটত ৩৫ টা বলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ সময়ত অধিনায়ক ৰোহিত শৰ্মাই ৰাতিপুৱাৰ ভাগত বিধ্বংসী ৰূপ দেখুৱাই থৈ যায় ।

উল্লেখ্য যে, চতুৰ্থ দিনা আৰম্ভণিতে ভাৰতৰ অভিজ্ঞ বলাৰ অশ্বিনে অধিনায়ক ক্ৰেগ ব্ৰেথৱেট আৰু কিৰ্ক মেকেঞ্জিক ড্ৰেছিং ৰূমলৈ পঠিয়ায় । প্ৰথম ইনিংছত নৱাগত মুকেশ কুমাৰেও ২ টাকৈ উইকেট দখল কৰে । ইফালে চতুৰ্থ দিনটোত কেইবাবাৰো বৰষুণ হোৱাৰ ফলত আবেলিৰ অধিৱেশনত মাত্ৰ তিনি অভাৰ বল কৰিব পাৰিছিল । পঞ্চম দিনাও বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু অপ্ৰত্যাশিত বতৰে ভাৰতৰ আক্ৰমণাত্মক প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Assam gets WFI membership : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ লাভ অসমৰ

ABOUT THE AUTHOR

...view details