স্পৰ্টছ ডেস্ক,৬ জুলাই : অহা ৩ আগষ্টৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'ব টি-২০ শৃংখলা । দুয়োটা দলে ৫ খন টি-২০ মেচ খেলিব । তাৰ প্ৰাকক্ষণত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় দল ঘোষণা কৰা হৈছে । ভাৰতীয় টি-২০ দলটোত মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিভাশালী বাওঁহাতৰ বেটছমেন তিলক বাৰ্মা হ'ব একমাত্ৰ নতুন মুখ হ'ব । ভাৰতীয় টি-২০ দলটোৰ নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই । জ্যেষ্ঠ ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এই দলত দেখা নাযাব । ইয়াৰ দ্বাৰা দুয়োগৰাকী খেলুৱৈক ক্ৰমান্বয়ে চুটি ফৰ্মেটৰ পৰা বাদ দিয়া হৈছে যেন অনুমান কৰা হৈছে ।
হায়দৰাবাদৰ বাওঁহাতৰ বেটছমেন তিলক বাৰ্মাক যোৱা দুটা ছিজনত মুম্বাই ইণ্ডিয়ানছ দলৰ অংশ হিচাপে দেখা গৈছে । আইপিএলত ৪৭ খন মেচত ১৪২ তকৈ অধিক ষ্ট্ৰাইক ৰেট আছে তিলকৰ । অজিত আগাৰকাৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় নিৰ্বাচক পেনেল নিশ্চয় তেওঁৰ আক্ৰমণাত্মক বেটিঙৰ দ্বাৰা আকৰ্ষিত হৈছে ।
আশা কৰা হৈছিল যদিও কলকাতা নাইট ৰাইডাৰ্ছৰ বাওঁহাতৰ বেটছমেন ৰিংকু সিঙে দলত স্থান লাভ কৰিব নোৱাৰিলে । যিহেতু সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া আৰু সঞ্জু চেমছন মিডল অৰ্ডাৰত আছে । সেয়েহে এই স্থানসমূহত আন খেলুৱৈক স্থান দিয়াটো সম্ভৱ নহয় । ফাষ্ট বলাৰ আৱেশ খান আৰু লেগ স্পিনাৰ ৰবি বিষ্ণোই হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰত্যাৱৰ্তন কৰা দুগৰাকী খেলুৱৈ । দলটোত তিনিজন ৰিস্ট স্পিনাৰ আছে, যাৰ ভিতৰত আছে কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চাহালো ।