স্পৰ্টছ ডেস্ক,৬ অক্টোবৰ :এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত ভাৰতীয় ক্ৰিকেট দলৰ আন এক বৃহৎ জয় । ভাৰতীয় পুৰুষ দলে বাংলাদেশক ৯ উইকেটত পৰাস্ত কৰে । স্পিনাৰ ছাই কিশোৰৰ এক দৰ্শনীয় বলিং স্পেল আৰু অধিনায়ক ৰুতুৰাজ গায়কোৱাড় আৰু তিলক বাৰ্মাৰ বিস্ফোৰক বেটিঙে ভাৰতক হাংঝৌত চলি থকা এছিয়ান গেমছত ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে ।
খেলখনৰ টছত জয়ী হৈ ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷ ভাৰতীয় স্পিনাৰসকলে বাংলাদেশী বেটিং লাইনআপক একপ্ৰকাৰ ধ্বংস কৰে আৰু কম সময়ৰ ভিতৰতে সকলো বেটছমেনক আউট কৰিবলৈ সক্ষম হয় । পাৱাৰপ্লেৰ শেষত বাংলাদেশ ৬ অভাৰত ৩ টা উইকেট হেৰুৱাই মাত্ৰ ২১ ৰাণ সংগ্ৰহ কৰে ।
ছাই কিশোৰ, ৱাশ্বিংটন সুন্দৰ আৰু তিলক বৰ্মাই বাংলাদেশৰ বেটছমেনসকলৰ সন্মুখত একপ্ৰকাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । যাৰ ফলত বাংলাদেশে ১০ অভাৰত ৪ টা উইকেট হেৰুৱাই মাত্ৰ ৪০ ৰাণ সংগ্ৰহ কৰে । পাভেজ হোছেইন এমনে ৩২ টা বলত ২৩ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে বাকীসকল খেলুৱৈ আউট হৈ থাকিল । অৱশেষত ২০ অভাৰত বাংলাদেশ দলটোৱে মাত্ৰ ৯৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ছাই কিশোৰে ১২ ৰাণ দি সৰ্বাধিক ৩ টা উইকেট দখল কৰে । ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰেও ১৫ ৰাণ দি ২ টা উইকেট দখল কৰে । তিলক, অৰ্শদীপ সিং, শ্বাহবাজ আহমেদ আৰু ৰবি বিষ্ণোইয়ে এটাকৈ উইকেট লাভ কৰে ।