অসম

assam

ETV Bharat / sports

IND vs SL series 2023 : বছৰৰ প্ৰথম শৃংখলা, দুই অধিনায়কৰ ওপৰত থাকিব প্ৰচণ্ড চাপ ? - IND vs SL series 2023

বছৰৰ আৰম্ভণিতে হ'বলগা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে দল (Indian team announced for upcoming series)। টি-২০ দলত নাথাকিব ঋষভ পন্ত, ভুৱনেশ্বৰ কুমাৰ, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল । নতুন দুগৰাকী খেলুৱৈক স্থান দিয়া হৈছে দলত ।

IND vs SL series 2023
দুই অধিনায়কৰ ওপৰত থাকিব প্ৰচণ্ড চাপ

By

Published : Dec 28, 2022, 1:28 PM IST

স্পৰ্টছ ডেস্ক,২৮ ডিচেম্বৰ :জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা আৰম্ভ হ'ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ আৰু এদিনীয়া শৃংখলা (Sri Lanka tour of India)। তাৰ প্ৰাকক্ষণত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে (BCCI announced team India)। BCCIৰ নিৰ্বাচকসকলে ঋষভ পন্ত, ভুৱনেশ্বৰ কুমাৰ, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুলৰ দৰে বহুতো গুৰুত্বপূৰ্ণ খেলুৱৈক বিভিন্ন কাৰণত টি-২০ দলৰ তালিকাৰ পৰা বাদ দিছে ।

বাংলাদেশৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা টেষ্ট শৃংখলাত ঋষভ পন্তে বেটিঙৰ জৰিয়তে ভাল প্ৰদৰ্শন দেখুৱাইছিল, কিন্তু এদিনীয়া আৰু টি-২০ খেলত উন্নত প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে । সেইকাৰণে সম্ভৱত নিৰ্বাচকসকলে ঈশান কিষাণক উইকেটকিপাৰ বেটছমেন হিচাপে বাছনি কৰি ভাল প্ৰদৰ্শনৰ আশা কৰিছে । ইফালে টি-২০ দলত নাথাকিলেও অভিজ্ঞ বেটছমেন ৰোহিত শৰ্মাকে এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে । অধিনায়ক ৰোহিত শৰ্মাই অহা মাহত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা এদিনীয়া শৃংখলাৰ বাবে আঘাতৰ পৰা সুস্থ হৈ উভতি অহাৰ সুযোগ পাইছে । উল্লেখ্য যে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে হোৱা খেলত বুঢ়া আঙুলিত আঘাত পোৱাৰ পাছত টেষ্ট শৃংখলাৰ পৰা ৰোহিত শৰ্মা বাহিৰ হৈছিল ।

ইফালে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত হাৰ্দিক পাণ্ডিয়া হ'ব দলটোৰ উপ-অধিনায়ক । ভাৰতে নতুন বছৰৰ আৰম্ভণিতে শ্ৰীলংকাৰ বিৰুদ্ধে ৩ খন টি-২০ আৰু ৩ খন এদিনীয়া খেলিবলৈ গৈ আছে (IND vs SL one day series 2023)। ইফালে ভাৰতে পূৰ্বৰ শৃংখলাৰ পৰাজয় পাহৰি সুন্দৰ প্ৰদৰ্শন কৰিব লাগিব । যাৰ বাবে বিজয়েৰে বছৰটো আৰম্ভ কৰাৰ ক্ষেত্ৰত এদিনীয়াৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মা আৰু টি-২০ৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ওপৰত যথেষ্ট চাপ থাকিব (IND vs SL T20 series 2023)।

ইফালে ৰোহিত শৰ্মাক এদিনীয়া খেলত অন্তৰ্ভুক্ত কৰাৰ ইংগিত পোৱাৰ লগে লগে তেওঁ সুস্থ হৈ পুনৰ খেলপথাৰলৈ আহিব বুলি স্পষ্ট হৈ পৰিছে । কিন্তু অভিজ্ঞ শিখৰ ধাৱান দলত নাথাকিব । বাংলাদেশত শেহতীয়াকৈ সমাপ্ত হোৱা এদিনীয়া শৃংখলাৰ সময়ত, তেওঁ অধিনায়ক হিচাপে ৩ খন খেলত মাত্ৰ ১৮ ৰাণ কৰিবলৈ সক্ষম হৈছিল । সেইকাৰণে ভাৰতীয় দলটোৱে দুৰ্বল বেটিং লাইন আপৰ এক আশংকাত ভূগিছিল ।

বাওঁহাতৰ বেটছমেন ঋষভ পন্তক এদিনীয়া আৰু টি-২০ দলৰ পৰা বাদ দিয়া হৈছে । ইয়াৰ লগতে বিৰাট কোহলী, কে এল ৰাহুল আৰু ৰোহিতক টি-২০ শৃংখলাত স্থান দিয়া হোৱা নাই । আনহাতে ঈশান কিষাণ আৰু শুভমান গিলক উন্নত প্ৰদৰ্শনৰ ভিত্তিত দলত অন্তৰ্ভুক্ত কৰা হৈছে । দুয়োগৰাকীকে ভাৰতৰ শীৰ্ষ বেটিং ক্ৰমত অনা হ'ব ।

অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক এই শৃংখলাত স্থান দিয়া হোৱা নাই । সেয়ে অনুমান কৰা হৈছে যে তেওঁ এতিয়াও আঁঠুৰ আঘাতৰ পৰা আৰোগ্য হোৱা নাই । আনহাতে শিৱম মাভি আৰু মুকেশ কুমাৰক টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

ভাৰতৰ টি-২০ দল (India T20 squad against SL):হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ঈশান কিষাণ (উইকেট কীপাৰ), ৰুতুৰাজ গায়কৱাড, শুভমান গিল, সূৰ্যকুমাৰ যাদৱ (উপ-অধিনায়ক), দীপক হুডা, ৰাহুল ত্ৰিপাঠী, সঞ্জু চেমচন, ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ চাহাল, অক্সাৰ পেটেল, অৰ্শদীপ সিং, হৰ্ষল পেটেল, উমৰণ মালিক, শিৱম মাভি, মুকেশ, কুমাৰ ।

ভাৰতৰ এদিনীয়া দল (India One Day squad against SL):ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্সাৰ পেটেল, মহম্মদ শ্বামী, মোঃ চিৰাজ, উমৰণ মালিক, অৰ্শদীপ সিং ।

লগতে পঢ়ক :Ankushita-Lovlina Success Story: বছৰৰ শেষতো অসমীয়াক গৌৰৱান্বিত কৰিলে লাভলীনা-অংকুশিতাই

ABOUT THE AUTHOR

...view details