স্পৰ্টছ ডেস্ক,৪ ছেপ্টেম্বৰ :চলিত এছিয়া কাপত সোমবাৰে শ্ৰীলংকাৰ পাল্লেকেলেত অনুষ্ঠিত ভাৰত আৰু নেপালৰ মাজৰ গ্ৰুপ এ ৰ এখন গুৰুত্বপূৰ্ণ খেলত টীম ইণ্ডিয়াই প্ৰতিবেশী ৰাষ্ট্ৰখনক 10 উইকেটত পৰাস্ত কৰে। আৰু ফলস্বৰুপে গ্ৰুপ এ ৰ পৰা পাকিস্তানৰ সৈতে চুপাৰ 4 ত প্ৰৱেশ টীম ইণ্ডিয়াৰ ।
ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই এছিয়া কাপৰ গ্ৰুপ এৰ সংঘৰ্ষত টছত জয়ী হৈ নেপালক বেটিংৰ বাবে আমন্ত্ৰণ জনায় । প্ৰথমে বেট কৰি নেপালে 48.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 230 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ ইনিংছৰ 2.1 অভাৰত আকৌ খেলখন বৰষুণৰ বাবে বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত ৰোহিত শৰ্মাৰ মেন-ইন-ব্লুক ডাকৱৰ্থ লুইচ নিয়ম মতে জয়ৰ বাবে 23 অভাৰত প্ৰয়োজন আছিল 145 ৰাণৰ ৷
দুই তাৰকা অপেনাৰ ৰোহিত শৰ্মা (74 নট আউট) আৰু শুভমন গিল (67 নট আউট) ৰ অৰ্ধশতকৰ ফলত 20.1 অভাৰত 147 ৰাণ সংগ্ৰহ কৰি সহজেই বিজয় লক্ষ্যত উপনীত হয় ভাৰত ৷ অধিনায়ক ৰোহিত শৰ্মাই 59 টা বলত 6 টা চাৰি আৰু 5টা বিশাল ছয়েৰে 74 ৰাণ কৰি অপৰাজিত হৈ ৰয় । আনহাতে শুভমন গিলেও 62 টা বলত 68 ৰাণ কৰি অপৰাজিত হৈ ৰয় । শুভমনৰ ইনিংছত আছিল 8টা চাৰি আৰু এটা ছয় । ৰোহিত শৰ্মাক তেওঁৰ আগ্ৰাসী ইনিংছটোৰ বাবে প্লেয়াৰ অফ দ্য মেচ বাচনি কৰা হয় ।
ইয়াৰ পূৰ্বে নেপালৰ হৈ অপেনাৰ আচিফ শ্বেখে 97 বলত 58 ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলি মহম্মদ চিৰাজৰ চিকাৰ হয় ৷ তাৰোপৰি সোমপাল কামিয়ে 56 টা বলত 48 ৰাণৰ এটা ইনিংছ খেলি দলটোক 200 ৰ স্কোৰ পাৰ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 10 অভাৰত 40 ৰাণ দি 3 টা উইকেট লোৱাৰ বিপৰীতে মহম্মদ চিৰাজে 9.2 অভাৰত 61 ৰাণ দি 3 টা উইকেট লয় ৷ মহম্মদ ছামী, হাৰ্দিক পাণ্ডিয়া আৰু শাৰ্দুল ঠাকুৰে 1 কৈ উইকেট দখল কৰে ৷
অৱশ্যে আজিও ভাৰতৰ খেলখনত বৰষুণে বিধি পথালি দিয়ে ৷ 37.5 অভাৰত বৰষুণৰ বাবে খেল স্থগিত হোৱা নেপালে 37.5 অভাৰত 6 টা উইকেট হেৰুৱাই 178 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ পূৰ্বে নেপালৰ ইনিংছত প্ৰাৰম্ভিক বেটছমেন কুশল ভুৰ্তেলে আক্ৰমণাত্মক খেল দেখুৱাই 25 টা বলত 38 ৰাণ কৰি দলক এক সুন্দৰ আৰম্ভণি দিছিল যদিও 9.5 অভাৰত দলৰ স্কোৰ 65 হৈ থাকোঁতে শাৰ্দুল ঠাকুৰৰ বলত উইকেটকীপাৰ ঈশান কিষণক কেচ দি বিদায় লয় ৷ তাৰ পিচত 3 নম্বৰত বেটিং কৰিবলৈ অহা ভীম চাৰ্কি মাত্ৰ 7 ৰাণ কৰি ৰবীন্দ্ৰ জাদেজাৰ বলত বোল্ড হয় ৷ ৰবীন্দ্ৰ জাদেজাই অধিনায়ক ৰোহিত পৌড়েল (5) আৰু কুশল মাল্লা (2) ক পেভেলিয়নৰ বাট দেখুৱায় ৷ আনহাতে গুলচন ঝাই 23 ৰাণ কৰি চিৰাজৰ বলত আউট হয় ৷ হাৰ্দিক পাণ্ডিয়াৰ বলত এল বি ডাব্লিউ হোৱাৰ পূৰ্বে দীপেন্দ্ৰ সিং এয়াৰীৰ বেটৰ পৰা আহে 29 ৰাণৰ অৱদান ৷
উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ মুখামুখি হৈছিল নেপাল ক্ৰিকেট দল । এই খেলখনত জয়ী হোৱা সুত্ৰে ভাৰতীয় দলটোৱে চুপাৰ 4 ৰ বাবে যোগ্যতা অৰ্জন কৰিলে । উল্লেখ্য যে ইয়াৰ আগত বৰষুণৰ বাবে ভাৰত আৰু পাকিস্তানৰ খেলখন বাতিল কৰা হৈছিল আৰু দুয়োটা দলে 1-1 পইণ্ট লাভ কৰিছিল । আনফালে পাকিস্তানে গ্ৰুপ এ ৰ আন এখন খেলত নেপালক পৰাজিত কৰিছিল । ফলত লীগ পৰ্যায়ৰ শেষত ভাৰত আৰু পাকিস্তান দুয়োৱে 3 পইণ্ট লাভ কৰে যদিও উন্নত ৰাণ ৰেটৰ বাবে পাকিস্তানে গ্ৰুপ এ ৰ পৰা শীৰ্ষ দল হিচাপে আৰু ভাৰতে দ্বিতীয় দল ৰুপে চুপাৰ 4 ৰাউণ্ডৰ প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।
এতিয়া চুপাৰ 4 পৰ্যায়ত আকৌ ছেপ্টেম্বৰ 10 তাৰিখে মুখামুখি চিৰ প্ৰতিদ্বন্দী দল দুটা। আনহাতে মঙলবাৰে আয়োজক শ্ৰীলংকা আৰু আফগানিস্তানৰ খেলৰ ফলাফলৰ পিচত স্পষ্ট হ'ব কোন দুটা দলে গ্ৰুপ বি ৰ পৰা চুপাৰ 4 পৰ্যায়ত প্ৰৱেশ কৰিব ।
লগতে পঢ়ক :Asia Cup 2023 : প্ৰথমবাৰৰ বাবে নেপালৰ সন্মুখত ভাৰতীয় দল, বতৰে আজিও দিব নেকি বিধি-পথালি ?