স্পৰ্টছ ডেস্ক,৭ জুলাই :ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচত যুৱ বেটছমেন যশস্বী জয়ছোৱালক দেখা পোৱাৰ সম্ভাৱনা আছে । জয়ছোৱালে এই মেচখনত টেষ্ট কেৰিয়াৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে । ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টেষ্ট শৃংখলাটোত তেওঁৰ স্থান প্ৰায় নিশ্চিত যেন অনুভৱ হৈছে । কিয়নো শেহতীয়াকৈ অনুশীলন মেচত ৰোহিত শৰ্মাৰ সৈতে তেওঁৰ অপেনাৰ যুটি প্ৰশংসনীয় আছিল । টেষ্ট মেচখনত যশস্বী জয়ছোৱালৰ সম্ভাৱ্য পদাৰ্পণ আৰু চেতেশ্বৰ পূজাৰাৰ স্থান পূৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট দলত কিছু বৃহৎ পৰিৱৰ্তন দেখা যাব পাৰে ।
ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাত যুৱ বেটছমেন যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাক বাওঁ-সোঁহাতৰ সংমিশ্ৰণৰ সৈতে অপেনাৰ হিচাপে দেখা যাব পাৰে ! আনহাতে শুভমান গিলক পুজাৰাৰ খালী স্থান পূৰণ কৰি তিনি নম্বৰত থাকিব পাৰে ।
ভাৰতীয় ক্ৰিকেট দলে ১৬ গৰাকী খেলুৱৈৰ উপৰিও স্থানীয় ক্ৰিকেটাৰসকলৰ সৈতে ২ দিনীয়া অনুশীলন মেচ খেলিছিল । য'ত যশস্বী জয়ছোৱালে ৰোহিত শৰ্মাৰ সৈতে আৰম্ভণি কৰাৰ সময়ত এটা ভাল ইনিংছ খেলিছে । এই সময়ছোৱাত, তেওঁ ৭৬ টা বলত ৫৪ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ লগতে, ৰোহিত শৰ্মাই ৬৭ টা বল খেলি অৱসৰ লয় । এনে প্ৰদৰ্শনে জয়ছোৱালৰ আগমনৰ ইংগিত দিছে ।