অসম

assam

IND vs WI 2nd ODI : কেনিংটন অভেল ব্ৰিজটাউন ষ্টেডিয়ামে কিমান সহযোগ কৰিব ভাৰতক ?

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় খন এদিনীয়া খেল কেনিংটন অভেল ব্ৰিজটাউনত অনুষ্ঠিত হ'ব । য'ত দুয়োটা দলৰে ৰেকৰ্ড ভাল নহয় । ভাৰতীয় দলটোৱে ইয়াত ২০০ ৰাণ অতিক্ৰম কৰা নাই । ৱেষ্ট ইণ্ডিজে ৩০০ ৰাণ কৰিও পৰাজিত হৈছিল ।

By

Published : Jul 29, 2023, 12:55 PM IST

Published : Jul 29, 2023, 12:55 PM IST

IND vs WI 2nd ODI
কেনিংটন অভেল ব্ৰিজটাউন ষ্টেডিয়ামে কিমান সহযোগ কৰিব ভাৰতক

স্পৰ্টছ ডেস্ক,২৯ জুলাই :প্ৰথম খন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী বিজয়ৰ পাছত ভাৰতীয় দলটোৱে এতিয়া সম্পূৰ্ণ শৃংখলাটোৰ ওপৰত দৃষ্টি ৰাখিছে । লগতে, বেটিং লাইন-আপ আৰু আগন্তুক বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান পৰীক্ষা নিৰীক্ষাও কৰাৰ সম্ভাৱনা আছে । শনিবাৰে ভাৰতীয় দলটোৱে কেৱল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় কৰাৰ সুযোগ লাভ কৰাই নহয় পুনৰ এবাৰ বেটিং ক্ৰমত বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব । যাৰ দ্বাৰা দলটোৱে বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিব পাৰিব ।

প্ৰথম এদিনীয়াত ঈশান কিষাণে অপেনাৰ হিচাপে ৫২ ৰাণ সংগ্ৰহ কৰি উন্নত প্ৰদৰ্শন দেখুৱাইছিল । কিন্তু দ্বিতীয় এদিনীয়াত তেওঁ মিডল অৰ্ডাৰত বেটিং কৰিব নে ভাৰতে সঞ্জু চেমছনক এবাৰ সুযোগ দিব সেয়া লক্ষণীয় হ'ব । প্ৰথম এদিনীয়াত কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ হাতৰ যাদুৱে ৱেষ্ট ইণ্ডিজক ধৰাশায়ী কৰিছিল । কিন্তু অতিথি দলটোৱে যুজবেন্দ্ৰ চাহালক শনিবাৰে খেলখনত সুযোগ দিব নেকি সেয়াও চাবলগীয়া বিষয় হ'ব ।

কেনিংটন অভেল ব্ৰিজটাউনত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় খন এদিনীয়াত ভাৰতীয় ক্ৰিকেট দলৰ বেটিং ট্ৰেক ৰেকৰ্ড ভাল নহয় । খেলপথাৰখনৰ ইতিহাসলৈ লক্ষ্য কৰিলে, ভাৰতীয় ক্ৰিকেট দলে ইয়াত কেতিয়াও ২০০ৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই আৰু ভাৰতীয় বেটছমেনসকলক ইয়াত সদায় খেলপথাৰত সংগ্ৰাম কৰা দেখা গৈছে । ইয়াত সৰ্বাধিক স্ক'ৰ হৈছে ১৯৯ ৰাণ, যাৰ পাছত ভাৰতীয় দলটো পৰাজিত হয় ।

ভাৰতৰ লগতে কেনিংটন অভেল ব্ৰিজটাউনৰ খেলপথাৰখন ৱেষ্ট ইণ্ডিজ দলৰ বাবে অতি অনন্য বুলি কোৱা হয় । এই খেলপথাৰত, ৱেষ্ট ইণ্ডিজ দলে ৩০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰি থৈছে । তেতিয়াও ৱেষ্ট ইণ্ডিজ দলটোৱে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । ৱেষ্ট ইণ্ডিজ দলটোক ইংলেণ্ড দলৰ দ্বাৰা ৩ বাৰ পৰাজিত কৰা হৈছে, আনহাতে এবাৰ শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ দলেও পৰাজিত কৰিছে ।

ভাৰতীয় দল :ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, ৰুতুৰাজ গায়কৱাড়, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, সঞ্জু চেমচন (উইকেট কিপাৰ), ঈশান কিষাণ (উইকেট কিপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), শাৰ্দুল ঠাকুৰ, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জয়দেৱ উনাদকট, মহম্মদ চিৰাজ, উমৰণ মালিক, মুকেশ কুমাৰ ।

ৱেষ্ট ইণ্ডিজ : শ্বাই হোপ (অধিনায়ক), ৰোভমেন পাৱেল (উপ-অধিনায়ক), আলিক আথাঞ্জে, য়ানিক কাৰিয়াহ, কিচি কাৰ্টি, ডমিনিক ড্ৰাক্স, চিমৰন হেটমায়াৰ, আলজাৰি জোছেফ, ব্ৰেণ্ডন কিং, কাইল মেয়াৰ্ছ, গুডাকেশ পাৰ্ল, জেডেন চিলেছ, ৰোমাৰিঅ' শ্বেফৰ্ড, কেভিন ছিনক্লেয়াৰ, অ'শ্বেন থমাছ ।

লগতে পঢ়ক :Pakistan Hockey Team Gets NOC : চেন্নাইত চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ অংশগ্ৰহণ নিশ্চিত

ABOUT THE AUTHOR

...view details