অসম

assam

By

Published : Jan 12, 2023, 3:15 PM IST

Updated : Jan 12, 2023, 9:36 PM IST

ETV Bharat / sports

India vs Sri Lanka 2nd ODI: দ্বিতীয় এদিনীয়াত শ্ৰীলংকাক হৰুৱাই শৃংখলা দখল ভাৰতৰ

এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত আজি কলকাতাৰ ইডেন গাৰ্ডেনত শ্ৰীলংকাক 4 উইকেটত পৰাস্ত কৰে ভাৰতে (India vs Sri Lanka 2nd ODI) ৷ প্ৰথমে বেটিং কৰি ভাৰতক জয়ৰ বাবে 216 ৰাণৰ লক্ষ্য বান্ধি দিয়ে শ্ৰীলংকাই ৷ প্ৰত্যুত্তৰত 43.2 অভাৰত বিজয় সাব্যস্ত কৰে ৰোহিত বাহিনীয়ে (India beat Sri Lanka in 2nd ODI)৷

India vs Sri Lanka 2nd ODI
এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন মেচ

নিউজ ডেস্ক, 12 জানুৱাৰী: কলকাতাৰ ইডেন গাৰ্ডেনত বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিতীয়খন এদিনীয়াত জয়লাভ ভাৰতৰ (India beat Sri Lanka in 2nd ODI) ৷ তিনিখনীয়া শৃংখলাৰ দুখনত জয়লাভ কৰি ইতিমধ্যে শৃংখালটো নিজৰ দখললৈ আনিছে ভাৰতীয় দলে ৷ শ্ৰীলংকাই জয়ৰ বাবে ভাৰতক 215 ৰাণৰ লক্ষ্য বান্ধি দিছিল যদিও 43.2 অভাৰত 4 টা উইকেটত জয়লাভ কৰে ভাৰতে ৷

আজিৰ খেলখনত টচত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল শ্ৰীলংকা দলে ৷ 5.6 অভাৰত অপেনাৰ আভিস্কা ফাৰ্ণাণ্ডোৰ উইকেট হেৰুৱাওৱাৰ পাচত দ্বিতীয় উইকেটৰ যুটিত নুৱানিদো আৰু কুশল মেণ্ডিছে দলটোক কিছু স্থিতি প্ৰদান কৰে ৷ কিন্তু 17 অভাৰত কুশল মেণ্ডিছ আউট হোৱাৰ পাচতে নিয়মীয়াকৈ উইকেট হেৰুৱাবলৈ লয় সিংহল বাহিনীয়ে ৷ 39.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই শ্ৰীলংকাই সংগ্ৰহ কৰে 215 ৰাণ ৷ ভাৰতৰ হৈ মহম্মদ ছিৰাজে 3টা, কুলদ্বীপ যাদৱে 3 টা, উমৰাণ মালিকে 2 টা উইকেট দখল কৰে (India vs Sri Lanka 2nd ODI) ৷

216 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা ভাৰতীয় দলে 4.6 অভাৰত 33 ৰাণত ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ৷ প্ৰথমখন এদিনীয়াত গুৱাহাটীত বিস্ফোৰক বেটিঙেৰে শতক অৰ্জন কৰা বিৰাট কোহলীয়ে আজি মাত্ৰ 4 ৰাণ কৰি পেভিলিয়নলৈ ওভতে ৷ শুভমন গিল, শ্ৰেয়াছ আয়াৰৰো প্ৰদৰ্শন আজি বৰ সন্তোষজনক নাছিল ৷

কে এল ৰাহুলে দলক বিজয়ৰ দিশে আগুৱাই নিয়াৰ দায়িত্ব বহন কৰে আজিৰ খেলত ৷ ৰাহুলে 64 ৰাণ ককৰি অপৰাজিত হৈ ৰয় ৷ 36 ৰাণৰ বৰঙণি আগবঢ়াই হাৰ্দিক পাণ্ডিয়াই ৷ শ্ৰীলংকাৰ হৈ লাহিৰু কুমাৰা আৰু চামিকা কৰুণাকান্তেয়ে 2 টাকৈ আৰু কাচুন ৰজিথা, ধনঞ্জয়া ডি চিলভাই 1 টাকৈ উইকেট দখল কৰে (India won against Sri Lanka) ৷

ভাৰতীয় দল: ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, অক্সৰ পেটেল, মহম্মদ চামি, কুলদ্বীপ যাদৱ, উমৰান মালিক আৰু মহম্মদ ছিৰাজ ৷ যুজবেন্দ্ৰ চাহালক সলনি কৰি কুলদ্বীপ যাদৱক অন্তৰ্ভুক্ত কৰা হৈছে আজিৰ খেলত (India vs Sri Lanka ODI news) ৷

শ্ৰীলংকা দল: নুৱানিদু ফাৰ্ণাণ্ডো, অভিস্কা ফাৰ্ণাণ্ডো, কুশল মেণ্ডিছ, চৰিথ আছালংকা, ধনঞ্জয় ডি চিলভা, দাছুন শানাকা, ৱানিন্দু হাছাৰংগা, চামিকা কৰুণাৰত্নে, দুনিথ ৱেল্লালাগে. লাহিৰু কুমাৰা আৰু কাছুন ৰাজিথা ৷ পথুম নিশাংকৰ পৰিৱৰ্তে নুৱানিদু ফাৰ্ণাণ্ডোক আৰু দিলছান মধুশানকাৰ পৰিৱৰ্তে লাহিৰু কুমাৰাক অন্তৰ্ভুক্ত কৰিছে শ্ৰীলংকাই ৷

তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল যোৱা মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৷ প্ৰথমখন খেলত শ্ৰীলংকাক 67 ৰাণত পৰাস্ত কৰে ভাৰতে ৷ দ্বিতীয়খন এদিনীয়াতো জয়লাভ কৰি তিনিখনীয়া এদিনীয়া শৃংখলাটোত ইতিমধ্যে বিজয় সাব্যস্ত কৰিলে ভাৰতে ৷ অহা 15 জানুৱাৰীত থিৰুৱন্তপুৰমত তৃতীয়খন এদিনীয়া অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক:India Vs Sri Lanka 1st ODI: এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 67 ৰাণত জয়লাভ ৰোহিত বাহিনীৰ

Last Updated : Jan 12, 2023, 9:36 PM IST

ABOUT THE AUTHOR

...view details