অসম

assam

ETV Bharat / sports

India Vs Sri Lanka 1st ODI: এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 67 ৰাণত জয়লাভ ৰোহিত বাহিনীৰ - India Sri Lanka ODI series

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন এদিনীয়া (India Vs Sri Lanka 1st ODI) ৷ 67 ৰাণত শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ (India beat Sri Lanka in first ODI)৷ প্ৰথমে বেটিং কৰি ভাৰতে 374 ৰাণৰ লক্ষ্য বান্ধি দিয়ে শ্ৰীলংকাক ৷ প্ৰত্যুত্তৰত আলহী দলটোৱে নিৰ্ধাৰিত অভাৰত 8 টা উইকেট হেৰুৱাই 306 ৰাণহে কৰিবলৈ সক্ষম হয় (India Sri Lanka ODI series)৷

ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন এদিনীয়া
India Vs Sri Lanka 1st ODI

By

Published : Jan 10, 2023, 3:28 PM IST

Updated : Jan 10, 2023, 9:45 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী: শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত বৃহৎ জয় ভাৰতৰ (India beat Sri Lanka in first ODI) ৷ 67 ৰাণত সিংঘল বাহিনীক পৰাস্ত কৰে ভাৰতীয় দলটোৱে ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত দিবা-নৈশ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে 50 অভাৰত 374 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে শ্ৰীলংকাক ৷ প্ৰত্যুত্তৰত শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত 8 টা উইকেট হেৰুৱাই 306 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় (India Vs Sri Lanka 1st ODI) ৷

শ্ৰীলংকাৰ হৈ অধিনায়ক দাছুন শানাকাই অপৰাজিত 108 ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰ পাথুম নিশাংকে 72 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ ভাৰতৰ হৈ উমৰাণ মালিকে সৰ্বাধিক 3 টা উইকেট দখল কৰাৰ বিপৰীতে মঃ ছিৰাজে দুটা আৰু মঃ চামী, হাৰ্দিক পাণ্ডিয়া আৰু যুজৱেন্দ্ৰ চাহালে এটাকৈ উইকেট লাভ কৰে (India Sri Lanka ODI series) ৷

আজিৰ খেলখনত টচত জয় লাভ কৰি বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীলংকাই ৷ প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 7 টা উইকেট হেৰুৱাই 373 ৰাণ সংগ্ৰহ কৰে আৰু শ্ৰীলংকাক জয়ৰ বাবে 374 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতৰ হৈ সুন্দৰ আৰম্ভণি ঘটায় অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গীলে ৷ 19.4 অভাৰত 70 ৰাণ কৰি দাছুন শানাকাৰ বলত এল বি ডব্লিউ হয় শুভমন গীল ৷ ইফালে 23.1 অভাৰত 83 ৰাণ কৰি পেভিলিয়নলৈ ওভতে অধিনায়ক ৰোহিত শৰ্মা ৷ তেতিয়ালৈকে দলৰ স্ক’ৰ আছিল 23.1 অভাৰত 173 ৰাণ ৷ ক্ৰীজত আচিল বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰ ৷

বিৰাট কোহলিয়ে 87 টা বলত 113 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি দলৰ স্থিতি অধিক শক্তিশালী কৰে (Virat Kohli 45th century in ODI) ৷ কোহলিৰ এইটো আছিল এদিনীয়া খেলত 45 তম শতক ৷ 48.2 অভাৰত কাছুন ৰাজিথাৰ বলত কেচ আউট হয় কোহলি ৷ ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে 28, কে এল ৰাহুলে 39 আৰু হাৰ্দিক পাণ্ডিয়াই 14 ৰাণৰ বৰঙণি আগবঢ়াই ৷ শ্ৰীলংকাৰ কাছুন ৰাজিথাই ভাৰতৰ 3 টা উইকেট দখল কৰে ৷

থোৰতে স্ক’ৰ ব’ৰ্ড:

ভাৰত- 50 অভাৰত 373 ৰাণ

উইকেট পতন- 7 টা

গড় ৰাণ- 7.46

বিৰাট কোহলি- 113(87)

ৰোহিত শৰ্মা- 83(67)

শুভমন গিল- 70(60)

টাৰ্গেট- 374 (50)

শ্ৰীলংকা-50 অভাৰত 306 ৰাণ (পৰাজিত)

উইকেট পতন- 8টা

দাছুন শানাকা-108(88)

পাথুম নিশাংক-72(80)

ভাৰতীয় দলটোত আছে : ৰোহিত শৰ্মা, শুভমন গীল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্সৰ পেটেল, মঃ ছিৰাজ, মঃ চামী, উমৰান মালিক আৰু য়ুজবেন্দ্ৰ চাহাল (India Sri Lanka match updates) ৷

শ্ৰীলংকা দলত আছে : পথুম নিশাংক, কুশল মেণ্ডিছ, অভিস্কা ফাৰ্ণাণ্ডো, ধনঞ্জয়া দি চিলভা, চৰিথ আছালংকা, দাছুন শানাকা, ৱানিন্দু হাছাৰংগা, চামিকা কৰুণাৰত্নে, দুনিথ ৱেল্লালাগে, কচুন ৰজিথা আৰু দিলছান মদুশানকা ৷

লগতে পঢ়ক:India vs Sri Lanka: অন্তিমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰি T-20 শৃংখলা দখল ভাৰতৰ

Last Updated : Jan 10, 2023, 9:45 PM IST

ABOUT THE AUTHOR

...view details