নিউজ ডেস্ক, 3 জানুৱাৰী: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ বুধবাৰৰ পৰা কেপ টাওনত অনুষ্ঠিত হৈছে ৷ দঃ আফ্ৰিকাৰ অধিনায়ক ডীন এলগাৰে টচত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰথম টেষ্টত শোচনীয় পৰাজয়ৰ পিচত ভাৰতীয় দলে দ্বিতীয় টেষ্টত জয়ী হোৱাৰ লক্ষ্যৰে খেলপথাৰত নমা দেখা যায় ৷
এইখন মেচত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ ৰূপত ডীন এলগাৰক দেখা গৈছে । এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে পৰাস্ত হৈছিল, তাৰ পিছত ভাৰত শৃংখলাত ১-০ ৰ ব্যৱধানত পিছ পৰি আছে । এতিয়া ৰোহিত বাহিনীয়ে এইখন মেচত জয়ী হৈ শৃংখলাটোত ১-১ ত সমতা স্থাপন কৰাৰ সুযোগ বিচাৰিব । ইফালে দক্ষিণ আফ্ৰিকায়ো এই মেচখনত জয়ী হৈ ভাৰতক ক্লীন ছুইপ কৰিব বিচাৰিব ।
ইতিমধ্যে খেলখনৰ প্ৰথম ইনিংছৰ অন্ত পৰিছে ৷ দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় বলাৰে যাদুকৰী প্ৰদৰ্শনেৰে দঃ আফ্ৰিকাক 55 ৰাণতে অল আউট কৰে ৷ টপ অৰ্ডাৰৰ কোনো এগৰাকী প্ৰ’টিয়াৰ্ছ বেটছমেনে ৰাণ সংখ্যাত দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে ৷ মাত্ৰ দুই মিডল অৰ্ডাৰ বেটছমেন ডেভিদ বেডিংহামে 12 আৰু কাইল ভেৰেইনে 15 ৰাণ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ মঃ ছিৰাজে 9 অভাৰত মাত্ৰ 15 ৰাণ খৰচ কৰি 6 টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ মুকেশ কুমাৰ আৰু যশপ্ৰীত বুমৰাহেও 2 টাকৈ উইকেট দখল কৰে ৷