স্পৰ্টছ ডেস্ক,১২ নৱেম্বৰ :চলিত টি-২০ বিশ্বকাপত (T20 World Cup) ভাৰতীয় দলটোৱে প্ৰদৰ্শনৰ দ্বাৰা নিৰাশ কৰিছে ভাৰতীয় দৰ্শকক । অৱশ্যে আহি থকা শৃংখলাবোৰত পুনৰ ভাৰতে ভাল প্ৰদৰ্শন কৰিব বুলিও আশাবাদী দৰ্শকসকল । ইতিমধ্যে টি-২০, এদিনীয়া (One day) আৰু টেষ্টৰ (Test) কেইবাটাও শৃংখলাৰ বাবে সাজু হৈছে ভাৰতীয় দল । আটাইকেইটা ফৰ্মেটৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল ।
ডুবাইৰ পৰা নিৰাশ হৈ উভতি অহা দলটো এইবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে সাজু হৈছে । ১৭ নৱেম্বৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব টি-২০ শৃংখলা । জয়পুৰৰ চৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে ইতিমধ্যে ভাৰতীয় দলটোৰ খেলুৱৈসকল জয়পুৰলৈ ৰাওনা হৈছে । ভাৰতীয় দলটোৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কে (Rahul Dravid) ধৰি কেইবাজনো খেলুৱৈ জয়পুৰত ইতিমধ্যে উপস্থিত হৈছে আৰু প্ৰায় গোটেই দলটো শুকুৰবাৰে সন্ধিয়াৰ ভিতৰত জয়পুৰত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ।