অসম

assam

ETV Bharat / sports

India vs Bangladesh Test series 2022 : বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতৰ জয় - Ind vs Ban test highlights

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতৰ জয় (India won first test against Bangladesh)। ১৮৮ ৰাণত পৰাস্ত ঘৰুৱা দলটো । দ্বিতীয়খন টেষ্ট ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ।

India vs Bangladesh Test series 2022
প্ৰথমখন টেষ্টত ভাৰতৰ জয়

By

Published : Dec 18, 2022, 11:46 AM IST

স্পৰ্টছ ডেস্ক,১৮ ডিচেম্বৰ :ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ বৃহৎ জয় (India won first test against Bangladesh)। টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চট্টগ্ৰামত অনুষ্ঠিত হৈছিল । ভাৰতে বাংলাদেশক জয়ৰ বাবে ৫১৩ ৰাণৰ লক্ষ্য দিছিল ।

খেলখনৰ অন্তিম দিনত বাংলাদেশক ১৮৮ ৰাণত পৰাস্ত কৰে ভাৰতীয় দলটোৱে (India beat Bangladesh by 188 runs)। ৩২৪ ৰাণতে অল আউট হয় বাংলাদেশৰ দলটো । লগে লগে শৃংখলাত ১-০ত ভাৰত আগবাঢ়ি আছে ।

ভাৰতে দিয়া লক্ষ্যৰ পিছা কৰি বাংলাদেশ দলে খেলখনৰ চতুৰ্থ দিনা ৬ টা উইকেট হেৰুৱাই ২৭২ ৰাণ সংগ্ৰহ কৰিছিল । অন্তিম দিনটোত বাংলাদেশক জয়ী হ'বলৈ ২৪১ ৰাণৰ প্ৰয়োজন আছিল । ৬ টা উইকেট হেৰুৱাই চতুৰ্থ দিনা সংকটত আছিল বাংলাদেশৰ দলটো । চতুৰ্থ দিনালৈ চাকিব আল হাছান ৪০ ৰাণত অপৰাজিত আৰু মেহেদী হাছান মিৰাজ ৯ ৰাণত অপৰাজিত হৈ আছিল । অৱশ্যে খেলখনৰ অন্তিত দিনত ভাৰতে বাংলাদেশৰ বাকী চাৰিটা উইকেটো দখল কৰে (Ind vs Ban test highlights)।

ইফালে চতুৰ্থ দিনা জাকিৰ হাছানে তেওঁ কেৰিয়াৰৰ প্ৰথমখন টেষ্টতে ২২৪ টা বলত ১০০ ৰাণ সংগ্ৰহ কৰে । ১৩ টা ৪ আৰু এটা ৬ৰ সহায়ত তেওঁ শতক কৰিবলৈ সক্ষম হয় । অন্তিম দিনা, চাকিব আল হাছানে মেহিদী হাছানৰ সৈতে পুনৰ বেটিং আৰম্ভ কৰে । কিন্তু মেহিদী হাছান সোনকালেই আউট হয় ।

চাকিবে অৰ্ধ-শতক কৰি, ১০৪ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে । কিন্তু তেওঁৰ উইকেটৰ পিছতে, বাংলাদেশে তেওঁলোকৰ বাকী থকা উইকেটবোৰ সোনকালেই হেৰুৱায় । ইফালে, বাংলাদেশৰ দ্বিতীয় ইনিংছত অক্সাৰ পেটেলে ৪টা উইকেট দখল কৰে আৰু কুলদীপ যাদৱে ৩ টা উইকেট দখল কৰে । মহম্মদ চিৰাজ, উমেশ যাদৱ আৰু আৰ অশ্বিনেও এটাকৈ ইউকেট দখল কৰে ।

উল্লেখ্য যে ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্টখেল ১৪ ডিচেম্বৰত আৰম্ভ হৈছিল । ভাৰতে প্ৰথম ইনিংছত ৪০৪ ৰাণ আৰু দ্বিতীয় ইনিংছত ২৫৮ ৰাণ সংগ্ৰহ কৰিছিল । প্ৰথম ইনিংছত বাংলাদেশৰ দলটো ১৫০ ৰাণতে অল আউট হয় । কুলদীপ যাদৱে ৫ টা, মহম্মদ চিৰাজে ৩টা, উমেশ যাদৱ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক :Mukhtar Hussain in IPL team: IPLৰ নিলামত ডিব্ৰুগড়ৰ মুখতাৰ হুছেইন

ABOUT THE AUTHOR

...view details