স্পৰ্টছ ডেস্ক, ২২ ছেপ্টেম্বৰ :অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ তিনিখনীয়া এদিনীয়া শৃংখলা শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব । অৱশ্যে প্ৰথম দুখন মেচৰ বাবে অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, কুলদীপ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াক বিশ্ৰাম দিয়া হৈছে । ইয়াৰ দ্বাৰা ভাৰতীয় দলটোৰ বাকী খেলুৱৈসকলক মূল্যাংকন কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । আনহাতে, আগন্তুক বিশ্বকাপৰ মেগা ইভেণ্টৰ পূৰ্বে দুয়োটা দলে নিজৰ নিজৰ প্ৰস্তুতি আৰু ৰণনীতি উন্নত কৰাৰ বাবেও এক উত্তম সুযোগ লাভ কৰিছে ।
উল্লেখ্য যে, বিগত সপ্তাহত ভাৰতে এছিয়া কাপত এক চমৎকাৰ বিজয় সাব্যস্ত কৰিছে । আনহাতে, ভাৰতীয় দলটো বৰ্তমান শক্তিশালী ফৰ্মত আছে । কিন্তু তাৰ মাজতো কিছু কিছু ক্ষেত্ৰত প্ৰদৰ্শন উন্নত কৰাৰ প্ৰয়োজন আছে, যাৰ সুবিধা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত লাভ কৰিব । ইফালে আঘাতৰ বাবে অক্ষৰ পেটেল দলৰ পৰা বাহিৰ হৈছে । তেওঁৰ ঠাইত ৰবিচন্দ্ৰন অশ্বিন আৰু ৱাশ্বিংটন সুন্দৰৰ অফ স্পিন যুটিৰ মাজত কোন ভাল বিকল্প হ'ব সেয়া চাবলৈ আকৰ্ষণীয় হ'ব । বেটিং ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাটোৱে শ্ৰেয়াছ আয়াৰ আৰু সূৰ্যকুমাৰ যাদৱক প্ৰভাৱ পেলোৱাৰ সুযোগ দিব ।
এছিয়া কাপৰ সময়ত শ্ৰেয়ছ আয়াৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হৈছিল । এনে পৰিস্থিতিত তেওঁৰ ফিটনেছৰ ওপৰত এতিয়াও সন্দেহ আছে । আনহাতে, সূৰ্যকুমাৰ যাদৱে এতিয়ালৈকে এদিনীয়াত নিজৰ ফৰ্ম প্ৰমাণ কৰিব পৰা নাই । ৰোহিত শৰ্মাৰ অনুপস্থিতিত ঈশান কিষাণে শুভমন গিলৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । ইফালে যদি দল মেনেজমেণ্টে মহম্মদ চিৰাজক বিশ্ৰাম দিয়ে, তেন্তে মহম্মদ ছামীয়ে খেলাৰ সম্ভাৱনা আছে ।
আনহাতে, অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ হাতত ৩-২ ব্যৱধানত শৃংখলাত পৰাস্ত হৈ ভাৰতৰ মুখামুখী হ'ব । লগতে দলটোৰ কেইবাজনো খেলুৱৈ আঘাতৰ সৈতে যুঁজি আছে । সেয়েহে পূৰ্বৰ সৰ্বাধিকবাৰ চেম্পিয়ন দলটো বেকফুটত আছে । অৱশ্যে অষ্ট্ৰেলিয়াৰ বাবে ভাল খবৰটো হৈছে যে অধিনায়ক পেট কামিন্স আৰু ষ্টিভ স্মিথ শুকুৰবাৰে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে । কিন্তু মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেল প্ৰথমখন মেচত দলত নাথাকিব । ইয়াৰ উপৰি, ছিন এবট, নাথান এলিছ, স্পেন্সাৰ জনছন আৰু এষ্টন এগৰেও সমস্যাৰ সৈতে যুঁজি আছে ।