স্পৰ্টছ ডেস্ক, 23 নৱেম্বৰ : অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত, এদিনীয়া বিশ্বকাপৰ পিছত তুলনামূলকভাৱে যুৱ তথা নতুন মুখৰ ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন T-20 মেচত 2 উইকেটত জয়লাভ কৰে ৷ টছত জিকি ভাৰতীয় দলটোৱে প্ৰথম বলিঙৰ সিদ্ধান্ত লয় ৷
209 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে 19.5 অভাৰত 8 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ দলৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সাৰ্বাধিক 80 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ইশান কিষণে 58 ৰাণ সংগ্ৰহ কৰে ৷ যশস্বী জয়ছোৱালে 8 টা বলতে সংগ্ৰহ কৰে 21 ৰাণ ৷ ৰিংকু সিঙে 14 টা বলত 22 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷
অষ্ট্ৰেলিয়াৰ হৈ টানবীৰ সাংঘাই সাৰ্বাধিক 2টা উইকেট দখল কৰে ৷ শ্বীন এবট, জেছন বেহৰেণ্ডৰ্ফ আৰু মেথিউ শ্বৰ্টে 1 টাকৈ উইকেট দখল কৰে ৷
ইফালে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি নিৰ্দ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 208 ৰাণ ৷ দলৰ হৈ জ’ছ ইংলিছে সাৰ্বাধিক 110 ৰাণ সংগ্ৰহ কৰে ৷ ষ্টিভেন স্মিথে সংগ্ৰহ কৰে 52 ৰাণ ৷ ভাৰতৰ হৈ ৰবি বিষ্ণোই আৰু প্ৰসিদ্ধ কৃষ্ণই দখল কৰে 1 টাকৈ উইকেট ৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটোৰ বেছিভাগেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আপেক্ষিক নতুন খেলুৱৈৰে গঠিত আৰু এই খেলুৱৈসকলৰ বহুতেই এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী দলৰ অংশও আছিল ৷ T-২০ বিশ্বকাপ 2024 লৈ মাত্ৰ ছমাহ বাকী থকাৰ বাবে দল পৰিচালনা আৰু নিৰ্বাচকসকলে এই খেলুৱৈসকলৰ ওপৰত তীব্ৰ দৃষ্টি ৰাখিব ৷