অসম

assam

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:44 AM IST

ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট দলত নৱাগত ধ্ৰুৱ জুৰেলৰ স্থানলাভ

Ind vs Eng Test Series : ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । উইকেটৰক্ষক-বেটাৰ ধ্ৰুৱ জুৰেলে প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰিছে । ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে যশপ্ৰীত বুমৰাহক ।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট দলত নৱাগত ধ্ৰুৱ জুৰেলৰ স্থানলাভ
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট দলত নৱাগত ধ্ৰুৱ জুৰেলৰ স্থানলাভ

স্পৰ্টছ ডেস্ক, ১৩ জানুৱাৰী : উত্তৰ প্ৰদেশৰ উইকেটৰক্ষক বেটাৰ ধ্ৰুৱ জুৱেলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টৰ বাবে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে । উল্লেখ্য যে যোৱা বছৰ বিদৰ্ভৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰা জুৰেলে এতিয়ালৈকে ঘৰুৱা শৃংখলাত ১৫ খন মোচত এটা শতক আৰু পাঁচটা অৰ্ধশতকেৰে ৪৬ গড়ে ৭৯০ ৰাণ সংগ্ৰহ কৰিছে ।

প্ৰথমখন টেষ্ট ২৫ জানুৱাৰীৰ পৰা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । পাঁচখন মেচৰ এই টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট বিশাখাপট্টনমত অনুষ্ঠিত হ'ব । ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত বিচিচিআইৰ দল নিৰ্বাচক সমিতিয়ে শৃংখলাটোৰ প্ৰথম দুখন টেষ্টৰ বাবে দলটো বাছনি কৰি শুকুৰবাৰে নিশা বিচিচিআয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে ঘোষণা কৰে ।

প্ৰত্যাশিতভাবেই তাৰকা বেটাৰ ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু শুভমন গিল, যশস্ৱী জয়ছোৱাল, বিৰাট কোহলী দলটোত অন্তৰ্ভুক্ত আছে ।

আনহাতে, নিৰ্বাচক মণ্ডলীয়ে কে এল ৰাহুল আৰু কে এছ ভৰতকো উইকেটৰক্ষক হিচাপে দলত অন্তৰ্ভুক্ত কৰিছে । ইয়াৰ উপৰি চাৰিগৰাকী স্পিনাৰ ক্ৰমে অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন, বাঁওহতীয়া স্পিনাৰ ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

পেচ আক্ৰমণৰ নেতৃত্ব দিব সোঁহতীয়া পেচাৰ যশপ্ৰীত বুমৰাহে । তেওঁক উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে । তেওঁক সংগ দিব মহম্মদ চিৰাজ, মুকেশ কুমাৰ আৰু আবেশ খানে ।

প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় টেষ্ট দল

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটৰক্ষক), কে এছ ভৰত (উইকেটৰক্ষক), ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), আবেশ খান ।

লগতে পঢ়ক :টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক উইকেট দখলকাৰীৰ অভিলেখ টিম ছাউডীৰ

ABOUT THE AUTHOR

...view details