অসম

assam

ETV Bharat / sports

দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট দলৰ পৰা বাদ মহম্মদ শ্বামী; এদিনীয়াত নাথাকে দীপক চাহাৰ - India South Africa test series 2023

India Tour of SA : ভাৰতীয় ক্ৰিকেট দলৰ দুগৰাকী দুৰ্ধৰ্ষ পেচাৰক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বাদ দিয়া হৈছে । টেষ্ট শৃংখলাত ফিটনেছৰ সমস্যাৰ বাবে মহম্মদ শ্বামীক বাদ দিয়া হৈছে । আনহাতে, দীপক চাহাৰে এদিনীয়াৰ অব্যাহতি বিচাৰি অনুৰোধ জনাইছে ।

India South Africa test series 2023
দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট দলৰ পৰা বাদ মহম্মদ শ্বামী

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 1:11 PM IST

স্পৰ্টছ ডেস্ক, ১৬ ডিচেম্বৰ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত মহম্মদ শ্বামী আৰু এদিনীয়া শৃংখলাত দীপক চাহাৰ উপলব্ধ নহ'ব । বিচিচিআয়ে শনিবাৰে ঘোষণা কৰা মতে, পেচাৰ দীপক চাহাৰে ছুটীৰ বাবে আবেদন জনাইছে । পাৰিবাৰিক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে তেওঁ আগন্তুক এদিনীয়া শৃংখলাৰ বাবে উপলব্ধ নহ'ব বুলি জনাইছে । আনহাতে, স্পীড ষ্টাৰ মহম্মদ শ্বামীক দুখন টেষ্টৰ পৰা বাদ দিয়া হৈছে ।

আনহাতে, মুখ্য নিৰ্বাচক তথা ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত পুৰুষ দলৰ বাছনি সমিতিয়ে আকাশ দীপৰ নাম চাহাৰৰ সলনি ঘোষণা কৰিছে ।

ইফালে, বিচিচিআয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত লগতে কয় যে টেষ্ট শৃংখলাত অংশগ্ৰহণৰ ক্ষেত্ৰত ফিটনেছৰ সমস্যাৰ বাবে পেচাৰ মহম্মদ শ্বামীক বিচিচিআইৰ চিকিৎসা দলে অনুমোদন জনোৱা নাই । এইবাৰৰ বিশ্বকাপৰ আটাইতকৈ সফল বলাৰজনক সেয়ে দুখন টেষ্টৰ পৰা বাহিৰ কৰা হৈছে ।

লগতে ঘোষণা কৰা হয় যে ১৭ ডিচেম্বৰত জোহান্সবাৰ্গত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন এদিনীয়া মেচ সমাপ্ত হোৱাৰ পিছত শ্ৰেয়াছ আয়াৰে টেষ্ট শৃংখলাৰ বাবে প্ৰস্তুতি চলাবলৈ টেষ্ট দলত যোগদান কৰিব । তেওঁ দ্বিতীয় আৰু তৃতীয় এদিনীয়া খেলৰ বাবে উপলব্ধ নহ'ব আৰু আন্তঃদলীয় খেলত অংশগ্ৰহণ কৰিব ।

বোৰ্ডে লগতে ঘোষণা কৰে যে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, বলিং প্ৰশিক্ষক পৰশ মামব্ৰে আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলীপে টেষ্ট দলৰ সৈতে সংযোগ স্থাপন কৰিব আৰু আন্তঃদলীয় খেল আৰু টেষ্ট শৃংখলাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি তদাৰক কৰিব ।

এদিনীয়া দলটোত বেটিং প্ৰশিক্ষক সীতাংশু কোটাক, বলিং প্ৰশিক্ষক ৰাজীৱ দত্ত আৰু ফিল্ডিং প্ৰশিক্ষক অজয় ৰাত্ৰাক লৈ ভাৰত এ দলৰ প্ৰশিক্ষণ কৰ্মচাৰীসকলে সহায় কৰিব ।

উল্লেখ্য যে ভাৰতে ১৭ ডিচেম্বৰ, দেওবাৰে জোহান্সবাৰ্গৰ ৱাণ্ডাৰৰ্ছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা আৰম্ভ কৰিব । আনহাতে, প্ৰতিকূল বতৰৰ বাবে ডাৰ্বানত অনুষ্ঠিত প্ৰথমখন মেচ পৰিত্যক্ত ঘোষণা হোৱাৰ পিছত তিনিখন মেচৰ টি-২০ শৃংখলা ১-১ ব্যৱধানত টাই হয় ।

ভাৰতৰ এদিনীয়া দল :ৰুতুৰাজ গায়কোৱাড়, সাই সুদৰ্শন, তিলক বাৰ্মা, ৰজত পাতিদাৰ, ৰিংকু সিং, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (অধিনায়ক, উইকেটৰক্ষক), সঞ্জু চেমচন (উইকেটৰক্ষক), অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, মুকেশ কুমাৰ, আবেশ খান, অৰ্শদীপ সিং, আকাশ দীপ ।

লগতে পঢ়ক :ইতিহাস ৰচি খেল’ ইণ্ডিয়া পেৰা গেমছত স্বৰ্ণ জয় অসম সন্তান অনিস্মিতাৰ

ABOUT THE AUTHOR

...view details