অসম

assam

ETV Bharat / sports

নটৰাজনৰ আগমণক লৈ আনন্দিত ডেভিড ৱাৰ্নাৰ

ভাৰতীয় টেষ্টৰ ১৮ জনীয়া দলটোত অন্তৰ্ভুক্ত হৈছে তামিলনাডুৰ থাংগাৰাছু নটৰাজনৰ নাম । আইপিএল আৰু টি-২০ ৰ সফলতাৰ পিছত টেষ্টত খেলুবৈ গৰাকীৰ প্ৰদৰ্শনক লৈ বিভিন্ন মহলত চৰ্চা অব্য়াহত ।

By

Published : Jan 2, 2021, 1:20 PM IST

Updated : Jan 2, 2021, 4:59 PM IST

নটৰাজনৰ আগমণক লৈ আনন্দিত ডেভিড ৱাৰ্নাৰ
নটৰাজনৰ আগমণক লৈ আনন্দিত ডেভিড ৱাৰ্নাৰ

স্পৰ্টছ ডেস্ক , ২ জানুৱাৰী :অষ্ট্ৰেলিয়াত চলি আছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলা । টেষ্ট শৃংখলাৰ প্ৰথম পৰ্যায়তে ভাৰতৰ দুগৰাকীকৈ পেচাৰ উমেশ যাদৱ আৰু মহম্মদ শ্বামী আঘাট প্ৰাপ্ত হোৱাৰ পিছতে ভাৰতীয় দলটোত তেওঁলোকৰ স্থানত কোন বলাৰ আহিব তাকে লৈ চৰ্চা চলিছে । ইতিমধ্য়ে টেষ্টৰ ১৮ জনীয়া দলটোত অন্তৰ্ভুক্ত হৈছে তামিলনাডুৰ থাংগাৰাছু নটৰাজনৰ নাম । আইপিএল কেৰিয়াৰত ভাল প্ৰদৰ্শনৰ পিছতে ভাৰতীয় দলটোৰ বাবে তেওঁ পথ মুকলি কৰি থৈছে । আইপিএলৰ হায়দৰাবাদ দলটোৰ অন্য়তম পেচাৰ নটৰাজনক আগন্তুক ২ খন টেষ্টৰ বাবে ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছে । আইপিএলৰ চানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ পেচাৰ নটৰাজনক ভাৰতীয় টেষ্টৰ দলটোত অন্তৰ্ভুক্তি কৰাকলৈ সুখী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ তথা হায়দৰাবাদ দলৰ অধিনায়ক ডেভিড ৱাৰ্নাৰ । টেষ্ট শৃংখলাত নটৰাজনৰ আগমণক লৈ বিশেষ চৰ্চা চলি থকাৰ মাজতে চানৰাইজাৰ্ছ হায়দৰাবাদৰ সহযোগী খেলুৱৈজনকলৈ সুখী যদিও কেনেকুৱা প্ৰদৰ্শন কৰিব তাক লৈ দোমোজাত অষ্ট্ৰেলিয়ান বেটছমেন ডেভিড ৱাৰ্নাৰ।

ৱাৰ্নাৰৰ মতে আইপিএলত চমক দেখুৱা নটৰাজনক ভাৰতীয় দলটোৰ নেট বলাৰ হিচাপে দলে গ্ৰহণ কৰিছে যদিও পৰৱৰ্তী সময়ত এদিনীয়া আৰু টি-২০ ত যোগদানৰ বাবেও ৰেংকিঙ বঢ়াব লাগিব নটৰাজনে । ভাৰতীয় খেলুবৈ জনে আইপিএলৰ দৰে টেষ্টতো একে চমক দেখুৱাব পাৰিব নে বুলি সোধাত এই বিষয়ে সঠিক ভাবে ক'ব নোৱাৰিব বুলি মন্তব্য় কৰে ডেভিড ৱাৰনাৰে । ৰঞ্জি খেলৰ তথ্য়ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে নটৰাজনৰ ভাল লাইন আৰু লেন্থ আছে কিন্তু টেষ্টত এটাৰ পিছত আনটো অভাৰ কৰিবলৈ যাওতে তেওঁ কিমান সমৰ্থ হব তাকলৈ ১০০ শতাংশ নিশ্চিত নহয় ।

অৱশ্য়ে ৱাৰনাৰ আশাবাদী যে মহম্মদ ছিৰাজে ৰঙা বলেৰে যিদৰে যোৱা খেলত চমক দেখুৱাইছে ঠিক তেনেদৰেই বিপক্ষ ভাৰতীয় দলত নটৰাজনেও ভাল প্ৰদৰ্শন কৰিব পাৰিব। চানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক হৈ থাকোতে লগ পোৱা নটৰাজন এজন ভাল বলাৰ যদিহে তেওঁ এই সুযোগ পাই তেনেহলে ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলিও আশাবাদী ডেভিড ৱাৰ্নাৰ।

লগতে পঢ়ক :তৃতীয় টেষ্টৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত ৰাহানে নেতৃত্বাধীন ভাৰতীয় দল

Last Updated : Jan 2, 2021, 4:59 PM IST

ABOUT THE AUTHOR

...view details