স্পৰ্টচ ডেস্ক, 24 নৱেম্বৰ: বৰ্তমান অষ্ট্ৰেলীয়াত আছে ভাৰতীয় ক্ৰিকেট দল ৷ দলটো অষ্ট্ৰেলীয়াত থকাৰ সময়তে ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুত বলাৰ মোহাম্মদ চিৰাজৰ পিতৃক দেহাৱসান হয় ৷
নিজৰ পিতৃক হেৰুওৱাৰ শোকৰ এই সময়ছোৱাত পৰিয়ালৰ পৰা দূৰৈত থকা চিৰাজে পিতৃ বিয়োগৰ শোক ব্যক্ত কৰি কয় যে, ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ " শক্তিশালী" হোৱাৰ পৰামৰ্শই তেওঁক অষ্ট্ৰেলীয়াৰ শৃংখলা সমূহ খেলিবলৈ প্ৰস্তুত থকাৰ বাবে অনুপ্ৰাণিত কৰিছে ৷
উল্লেখ্য যে, বিগত সপ্তাহত হায়দৰাবাদত হাওঁফাওৰ ৰোগত আক্ৰান্ত হৈ 53 বছৰ বয়সত চিৰাজৰ পিতৃ মোহাম্মদ গোহাওচৰ মৃত্যু হয় ৷ সেই সময়ত অষ্ট্ৰেলীয়ত থকা চিৰাজক বিচিচিআইয়ে স্বদেশলৈ উভতাৰ বিকল্প দিয়াৰ পাছতো দলটোৰ দ্ৰুত বলাৰ জনে ৰাষ্ট্ৰীয় কৰ্তব্যত নিয়োজিত হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
চিৰাজে এই কঠিন সময়ত তেওৰ কাষত থিয় দিয়া সতীৰ্থ সকলক ধন্যবাদ জনোৱাৰ লগতে বিশেষ ভাৱে শক্তিশালী হৈ থকাৰ বাবে উৎসাহিত কৰা অধিনায়ক কোহলীক কৃতজ্ঞতা জনায় ৷
লগতে পঢ়ক: কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব মহম্মদ ছিৰাজ