অসম

assam

ETV Bharat / sports

ভাৰতীয় দলৰ ব্যতিক্ৰমী পদক্ষেপে হৃদয় জিনিলে তেণ্ডুলকাৰৰ

ভাৰতীয় দলে শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত তৃতীয় খন এদিনীয়াত পৰিধান কৰা সামৰিক টুপীক লৈ টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে । ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ গৰাকীয়ে বিচিচিআয়ে আপলোড কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰি কয় যে, ভাৰতীয় দলৰ এই পদক্ষেপে তেওঁৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ।

By

Published : Mar 9, 2019, 1:32 PM IST

DHONI PRESENTING THE CAMOUFLAGE CAP

নিউজ ডেস্ক, ৯ মাৰ্চ: ভাৰতীয় দলে শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত তৃতীয় খন এদিনীয়াত পৰিধান কৰা সামৰিক টুপীক লৈ টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে । ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ গৰাকীয়ে বিচিচিআয়ে আপলোড কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰি কয় যে, ভাৰতীয় দলৰ এই পদক্ষেপে তেওঁৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ।

DHONI PRESENTING THE CAMOUFLAGE CAP

উল্লেখ্য যে, ৰাঁচীত অনুষ্ঠিত মেচখনৰ জৰিয়তে ভাৰতীয় দলে সামৰিক বাহিনীৰ সন্মানাৰ্থে এই টুপী পৰিধান কৰে । ভাৰতীয় দলৰ পূৰ্ব অধিনায়ক ধোনীয়ে প্ৰত্যেকজন খেলুৱৈকে টুপীসমূহ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details