অসম

assam

ETV Bharat / sports

বিভাজনমূলক কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহয় : জয় শ্বাহ

ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ সময়ত ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুৰাগীৰ পৰা বৰ্ণবৈষম্যমূলক মন্তব্য লাভ কৰিছিল ভাৰতীয় পেছাৰ মহম্মদ চিৰাজে ৷ খেলৰ মাজতে তেওঁক ‘মটীয়া কুকুৰ’ আৰু ‘ডাঙৰ বান্দৰ’ বুলি মন্তব্য কৰিছিল কেইগৰাকীমান দৰ্শকে ৷

By

Published : Jan 11, 2021, 8:34 AM IST

Racism row in Sydney: Acts of discrimination will not be tolerated, says BCCI secretary
বিভাজনসমূলক কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহয়:জয় শ্বাহ

স্পৰ্টছ ডেস্ক,11 জানুৱাৰী: ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্টত ভাৰতীয় খেলুৱৈয়ে সন্মুখীন হোৱা বৰ্ণবৈষম্যমূলক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিচিচিআইৰ সম্পাদক জয় শ্বাহে ৷ আমাৰ সমাজৰ লগতে খেলত বৰ্ণবৈষম্যৰ কোনো স্থান নাই গতিকে ‘বিভাজনমূলক এনে কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহয়’ ৷ খেল চলি থকাৰ মাজতে কেইগৰাকীমান দৰ্শকে ভাৰতীয় পেছাৰ মহম্মদ চিৰাজ আৰু জছপ্ৰীত বুমৰাহক কৰা বৰ্ণবৈষম্যমূলক মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰে বিচিচিআইৰ সম্পাদকগৰাকীয়ে ৷

জয় শ্বাহে এই সন্দৰ্ভত টুইটাৰত মন্তব্য কৰি কয়, "আমাৰ খেলত আৰু সমাজতো বৰ্ণবৈষম্যৰ কোনো স্থান নাই ৷ মই এই সন্দৰ্ভত @CricketAusৰ সৈতে কথা পাতিছো ৷ তেওঁলোকে এই সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে ৷ @BCCI আৰু @CricketAus একেলগে আছে ৷ এনেধৰণৰ বিভাজনমূলক কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহয় ৷"

বিচিচিআইৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তৃতীয় টেষ্টৰ সময়তেই ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুৰাগীৰ পৰা বৰ্ণবৈষম্যমূলক মন্তব্য লাভ কৰিছিল মহম্মদ চিৰাজে ৷ খেলৰ মাজতে তেওঁক ‘মটীয়া কুকুৰ’ আৰু ‘ডাঙৰ বান্দৰ’ বুলি মন্তব্য কৰিছিল কেইগৰাকীমান দৰ্শকে ৷ ইয়াৰ পিছতে খেলুৱৈগৰাকীয়ে প্ৰট’কল অনুসৰি এই বিষয়ে নিজ দলৰ অধিনায়ক আজিংকা ৰাহানে আৰু আম্পায়াৰক অৱগত কৰে ৷ আম্পায়াৰে প্ৰায় 10 মিনিটৰ বাবে খেলখন স্থগিত ৰাখি সুৰক্ষাকৰ্মীক মাতি 6 গৰাকী দৰ্শকক ষ্টেডিয়ামৰ পৰা উলিয়াই দিয়ে ৷

ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু বিচিচিআই উভয়ে তৃতীয় টেষ্টৰ তৃতীয় আৰু চতুৰ্থ দিনত সংঘটিত এই অনাকাংক্ষিত ঘটনাক নিন্দা কৰিছে ৷ ইয়াৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেটাৰসকলেও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷

লগতে পঢ়ক-ভাৰতৰ সৈতে আলোচনাত বহিবলৈ অমান্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details