নিউজ ডেস্ক,১০ মাৰ্চ: পাকিস্তানৰ তথ্য মন্ত্ৰী ফাৱাদ চৌধাৰীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলত ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে । ভাৰতৰ জাতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয় খন এদিনীয়াত সামৰিক টুপী পৰিধান কৰাৰ পাছত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।
ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ আইচিচিত অভিযোগ - ETV BHARAT
পাকিস্তানৰ তথ্য মন্ত্ৰী ফাৱাদ চৌধাৰীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলত ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে । ভাৰতৰ জাতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয় খন এদিনীয়াত সামৰিক টুপী পৰিধান কৰাৰ পাছত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।
DHONI OFFERING ARMY CAPS
টুইটাৰৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে, ভদ্ৰলোকৰ খেলক ৰাজনীতিকৰণ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আইচিচি এ ব্যৱস্থা গ্ৰহন কৰা উচিত । যদি ভাৰতে শাম নাকাটে তেন্তে পাকিস্তানেও ক'লা ফিটা পৰিধান কৰি কাশ্মীৰত চলি থকা অত্যাচাৰৰ কথা পৃথিৱীক জনাবলৈ কুন্ঠাবোধ নকৰিব ।