স্পৰ্টছ ডেস্ক,26 ডিচেম্বৰ :আজি ভাৰত অৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে দ্বিতীয়খন টেষ্ট মেচ ৷ টচত জয়ী হৈ প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়া দলটো মাত্ৰ 195 ৰাণতে অল আউট হয় ৷ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই 36 ৰাণ দখল কৰিবলৈ সক্ষম হয় ৷ নৱাগত শুভম গীলে চেতেশ্বৰ পুজাৰাৰ সহযোগত দলৰ হৈ 28 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷
ভাৰতীয় দলৰ বলিং ইউনিটেও আজিৰ খেলখনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয় ৷ জছপ্ৰীত বুমৰাহে 56 ৰাণৰ বিনিময়ত 4 টা উইকেট দখল কৰাৰ বিপৰীতে ৰবীচন্দ্ৰন আশ্বিনে 3 উইকেট দখল কৰি কেংগাৰু বাহিনীক 195 ৰাণতে সীমাৱদ্ধ ৰাখে ৷ ইয়াৰ উপৰিও আন এগৰাকী নৱাগত মহম্মদ চিৰাজেও তেওঁৰ ওপৰত থকা বিশ্বাসত পূৰ্ণ ৰূপত ঠিয় দিয়ে ৷