অসম

assam

By

Published : Dec 24, 2020, 2:25 PM IST

ETV Bharat / sports

পৃথ্বী শ্ব বেটচমেনৰ তালিকাৰ ৪ অথবা ৫ নম্বৰৰ বাবে উপযুক্ত : ব্ৰেড হ'গ

অষ্ট্ৰেলিয়া যাত্ৰাত ভাৰতীয় দলৰ দূৰ্বল প্ৰদৰ্শন । প্ৰস্তুতি টেষ্ট শৃংখলাত পৰাজয়ৰ পিছতে বেটিং ক্ৰমকলৈও প্ৰশ্ন বিভিন্ন মহলত । ব্ৰেড হ'গৰ মতে ভাৰতে প্ৰতিভাশালী যুৱ খেলুৱৈ মধ্য়ক্ৰম বেটচমেনৰ শাৰীত ৰাখিব লাগে ।

পৃথ্বী শ্ব বেটচমেনৰ তালিকাৰ ৪ অথবা ৫ নম্বৰৰ বাবে উপযুক্ত : ব্ৰেড হ'গ
পৃথ্বী শ্ব বেটচমেনৰ তালিকাৰ ৪ অথবা ৫ নম্বৰৰ বাবে উপযুক্ত : ব্ৰেড হ'গ

স্পৰ্টছ ডেস্ক , ২৪ ডিচেম্বৰ :অষ্ট্ৰেলিয়া যাত্ৰাত ভাৰতীয় দলটোৰ দূৰ্বল প্ৰদৰ্শনৰ পিছতে দলটোৰ বেটিং ক্ৰমকলৈও প্ৰশ্ন উদয় হৈছে । ভাৰতৰ উদীয়মান অপেনাৰ পৃথ্বী শ্বক প্ৰশংসা কৰি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ব্ৰেড হ'গে কয় যে ভাৰতে প্ৰতিভাশালী যুৱ খেলুৱৈ মধ্য়ক্ৰম বেটচমেনৰ শাৰীত ৰাখিব লাগে । হগৰ মতে প্ৰতিভাশালী যুৱ খেলুৱৈৰ বেটিঙৰ কৌশল বেটচমেনৰ তালিকাৰ ৪ অথবা ৫ নম্বৰৰ বাবে উপযুক্ত । ঘৰুৱা ক্ৰিকেটত পৃথ্বী শ্বই ভাল ৰাণ কৰিছে সেয়ে তেওঁৰ প্ৰতিভা আছে বুলিও মন্তব্য় কৰে ব্ৰেড হ'গে । হগৰ মতে ভাৰতে দীঘলীয়া সময়ৰ বাবে তেওঁক ৪ অথবা ৫ নম্বৰত ৰখাৰ কথা চিন্তা কৰিব পাৰে য'ত তেওঁৰ কৌশল উপযুক্ত হ'ব ।

ইতিমধ্য় অষ্ট্ৰেলিয়াত ৰাণ সংগ্ৰহৰ বাবে পৃথ্বী শ্বই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে । এডেলাইট ওভালত অনুষ্ঠিত উদ্ধোধনী টেষ্টত পৃথ্বী শ্বই দুটা ইনিংছত ক্ৰমে ০ আৰু ৪ ৰাণ কৰিবলৈ সক্ষম হয় । ছিডনীৰ দুখন প্ৰস্তুতিমূলক খেলত পৃথ্বী শ্বই ক্ৰমে ৪০,৩, ০ আৰু মাত্ৰ ৯ ৰাণ কৰিবলৈ সক্ষম হয় । শ্বুইং বলাৰৰ বিৰুদ্ধে তেওঁৰ দুৰ্বল কৌশল সন্দৰ্ভত সুনীল গাভাস্কাৰ আৰু ৰিকী পন্টিংৰ লগতে কেইবাগৰাকী মহান খেলুৱৈৰ চকুত পৰিছে যিসকলে তেওঁক দলৰ পৰা বাহিৰ কৰাৰ কথা কৈছে ।

পৃথ্বী শ্ব বেটচমেনৰ তালিকাৰ ৪ অথবা ৫ নম্বৰৰ বাবে উপযুক্ত : ব্ৰেড হ'গ

টেষ্ট শৃংখলাত তেওঁৰ বেয়া প্ৰদৰ্শনৰ পিছতে আশা কৰা হৈছে যে পৃথ্বী শ্বৰ ঠাই পুৰাব ১৯ বছৰ অনুৰ্ধৰ দলটোৰ এসময়ৰ তেওঁৰ সতীৰ্থ সুভমন গীলে । সুভমন গীলে ভাল ফৰ্মৰ প্ৰমাণ দি গোলপীয়া বলৰ প্ৰস্তুতি টেষ্টত ৪৩ আৰু ৬৫ ৰাণ কৰিবলৈ সক্ষম হৈছে ।

ইতিমধ্য়ে ভাৰতে দ্বিতীয় ইনিংছত ৮ উইকেট হেৰুৱাই নূন্য়তম ৩৬ ৰাণৰ সংগ্ৰহ কৰি দিবা-নৈশ এডেলাইট ওভালৰ প্ৰস্তুতি টেষ্ট শৃংখলাত পৰাজিত হৈছে । মেলবৰ্ণ খেলপথাৰত পুনৰ দুয়োটা দলৰ যুদ্ধ দেখিবলৈ পোৱা যাব ।

ইয়াৰ মাজতে কেপ্তেইন বিৰাট কোহলী তেওঁৰ প্ৰথম সন্তানৰ জন্মৰ বাবে ভাৰতলৈ ৰাওনা হৈছে লগতে মহম্মদ শ্বামী এডেলাইটৰ টেষ্টৰ সময়চোৱাত আঘাট প্ৰাপ্ত হৈছে । ভাৰতীয় দলটোৱে এই দুয়োগৰাকী খেলুৱৈৰ অনুপস্থিতিত খেলিব লাগিব খেল খন ।

লগতে পঢ়ক:পুনৰ আঘাত পালে থৰগান হাজাৰ্ডে

ABOUT THE AUTHOR

...view details