স্পৰ্টছ ডেস্ক , ৯ জানুৱাৰী :৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে বৰ্ডাৰ গাভাস্কাৰ শৃংখলাৰ তৃতীয়খন টেষ্ট । টেষ্টৰ প্ৰথম ইনিঙছতে অষ্ট্ৰেলিয়াই ৩৩৮ ৰাণ কৰাৰ পিছত ভাৰতে ২৪৪ ৰাণতে ইনিঙছ সামৰে যাৰ বাবে অষ্ট্ৰেলিয়া দলটোৱে ৯৪ ৰাণৰ অগ্ৰগতি লাভ কৰি আছিল । ইয়াৰ পিছতে কেঙ্গাৰু বাহিনীয়ে পুনৰ বেটিঙ কৰি তৃতীয় দিনৰ শেষলৈ ১৯৭ ৰাণত অগ্ৰগতি লাভ কৰি আছে । ইফালে এই টেষ্টত ইতিমধ্য়ে সুন্দৰ প্ৰদৰ্শনেৰে চৰ্চা লাভ কৰিছে অষ্ট্ৰেলিয়ান বলাৰ পেত কামিনছে । তৃতীয় দিনাৰ খেলৰ অন্তত এক ভাৰ্ছুৱেল সংবাদমেলত খেলুৱৈ গৰাকীক গুৰুত্বপূৰ্ণ মন্তব্য় কৰা দেখা গল । নিজৰ দলৰ লগতে ভাৰতীয় দলটোৰ বেটিঙ অৰ্ডাৰ সন্দৰ্ভটো বিভিন্ন মন্তব্য় কৰে বিশ্ব সৰ্বশ্ৰেষ্ঠ বলাৰ গৰাকীয়ে গৰাকীয়ে । টেষ্টত ভাল প্ৰদৰ্শন কৰা কামিনছক পুজাৰাৰ লেহেমীয়া বেটিং আৰু আন বেটিঙৰ বিৰুদ্ধে তেওঁৰ বলিঙৰ চাপৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল ।
শনিবাৰে ভাৰতৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি বলাৰ জনে ক'লে যে ২০১৮-১৯ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত খেলা পুজাৰা এই টেষ্টত ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত অতি কষ্টৰ সন্মুখীন হৈছে ।
উল্লেখ যে পেত কামিনছে ইনিঙছটোত ২৯ ৰাণ দি মুঠ ৪ টা উইকেট দখল কৰিছে লগতে শৃংখলাত ৪ বাৰকৈ পুজাৰাক আউট কৰি ড্ৰেছিঙ ৰূমৰ বাট দেখুৱাই । পুজাৰাক এক প্ৰকাৰ সমালোচনা কৰি কয় যে শৃংখলাত তেওঁৰ বিৰুদ্ধে এটাৰ পিছত আনটো ভাল বল কৰি ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে ।