স্প’ৰ্টছ ডেস্ক,19 জানুৱাৰী : বিচিচিআইৰ সভাপতি তথা প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক সৌৰভ গাংগুলী আৰু মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নেতৃত্বত মঙলবাৰে গাব্বাত ঐতিহাসিক বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে ৷ আজিংক্য ৰাহানেৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অন্তিমখন টেষ্ট মেচত অষ্ট্ৰেলিয়াক 3 উইকেটত পৰাস্ত কৰি 2-1 শৃংখলাৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷
ভাৰতীয় দলৰ এই জয়ক শচীন তেণ্ডুলকাৰে প্ৰশংসা কৰি কয় যে, প্ৰতিটো শৃংখলাতে এজন নতুন হিৰো থাকে আৰু তেওঁ জয় নিজৰ ফাললৈ লৈ অনাত সহায় কৰে ৷ টুইটযোগে তেণ্ডুলকাৰ ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰি কয় যে, ‘‘প্ৰতিখন মেচতে আমি একোজন নতুন হিৰোৰ সৈতে পৰিচয় হওঁ ৷ আমি নিৰ্ভীক কিন্তু অসাৱধান ক্ৰিকেট খেলাত বিশ্বাস কৰো । সাৱলীল আৰু আত্মবিশ্বাসেৰে আঘাত আৰু অনিশ্চিততাবোৰ সাঙুৰি লওঁ । ভাৰতে অন্যতম সৰ্বশ্ৰেষ্ঠ শৃংখলাত জয়লাভ কৰিছে’’ ৷