অসম

assam

ETV Bharat / sports

টি-20 শৃংখলা দখলৰ পাচত ভাৰতীয় দলক শুভেচ্ছা ৰোহিত শৰ্মাৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰৰ বিজয়ৰ পিছতে এক টুইটযোগে ৰোহিত শৰ্মাই কয়, "ভাৰতীয় দলটোৰ বাবে এক অকল্পনীয় শৃংখলা বিজয় ৷ তেওঁলোকৰ খেলৰ শৈলী দেখি মই অভিভূত হৈছো ৷ প্ৰতিগৰাকী সদস্যলৈ শুভেচ্ছা ৷ @বিচিচিআই" ৷ আনহাতে, খেলখনৰ শেষত অধিনায়ক বিৰাট কোহলীয়েও ৰোহিত আৰু জছপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈৰ অনুপস্থিতিৰ পিছতো ভাৰতীয় দলটোৱে আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে ৷

AUS vs IND second T20: Big thumbs up to each one in Team India, says Rohit Sharma
ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ঃভাৰতীয় দলক শুভেচ্ছা ৰোহিত শৰ্মাৰ

By

Published : Dec 7, 2020, 12:35 PM IST

স্পৰ্টছ ডেস্ক,7 ডিচেম্বৰঃ দেওবাৰৰ বিজয়েৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-20 শৃংখলাত 2-0 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰা বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে বেটছমেন ৰোহিত শৰ্মাই ৷ সম্প্ৰতি তেখেতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিজৰ আঠুৰ আঘাতৰ চিকিৎসা কৰি আছে যাৰ বাবে সোঁহতীয়া খেলুৱৈগৰাকী ভাৰতৰ হোৱাইট বল স্কোৱাডৰ অংশ নহয় ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ঃভাৰতীয় দলক শুভেচ্ছা ৰোহিত শৰ্মাৰ

দেওবাৰে এক টুইটযোগে ৰোহিতে কয়, "ভাৰতীয় দলটোৰ বাবে এক অকল্পনীয় শৃংখলা বিজয় ৷ তেওঁলোকৰ খেলৰ শৈলী দেখি মই অভিভূত হৈছো ৷ প্ৰতিগৰাকী সদস্যলৈ শুভেচ্ছা @বিচিতিআই" ৷ আনহাতে, খেলখনৰ শেষত অধিনায়ক বিৰাট কোহলীয়েও ৰোহিত আৰু জছপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈৰ অনুপস্থিতিৰ পিছতো ভাৰতীয় দলটোৱে আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে ৷

কোহলীয়ে কয়, "আমি টি-20ত এটা দলৰ দৰে প্ৰদৰ্শন আগবঢ়াইছো ৷ দলটোত ৰোহিত, বুমৰাহৰ দৰে খেলুৱৈৰ অনুপস্থিতিৰ পিছতো আমাৰ হোৱাইট বল খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাইছে ৷ যাক লৈ মই যথেষ্ট আনন্দিত ৷"

দেওবাৰ দ্বিতীয়খন টি-20ত ভাৰতে অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ এই খেলখনত চূড়ান্ত তিনি অ'ভাৰত হাৰ্ডিক পাণ্ডিয়া আৰু শ্ৰেয়াস আয়াৰে 37 ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালকৈ কোহলীয়ে 40 আৰু শিখৰ ধাৱনে 52 ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, অহা 10 ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ চিডনী ক্ৰিকেট গ্ৰাউণ্ডত তৃতীয়খন টি-20ত পুনৰ মুখামুখী হ’ব দুয়োটা দল ৷

লগতে পঢ়ক-নটৰাজনক 'মেন অৱ দা মেচ' ঘোষণা কৰিব বুলি ভাবিছিলো : হাৰ্ডিক

ABOUT THE AUTHOR

...view details