স্পৰ্টছ ডেস্ক, ১৯ ডিচেম্বৰ: অষ্ট্ৰেলিয়াৰ এডেলেইড খেলপথাৰত অনুষ্ঠিত পিংক বলেৰে খেলা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ চাৰিদিনীয়ী শৃংখলাৰ প্ৰথমখন টেষ্ট মেছত ভাৰতে আঠ উইকেটত পৰাজয় হোৱাৰ পাচত বিৰাট কোহলীয়ে মন্তব্য আগবঢ়াই যে প্ৰথমখন টেষ্টৰ তৃতীয় দিনাৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ সন্মুখত জয়ৰ বাবে ৯০/১-০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ভাৰতে । কিন্তু ২১ অভাৰতে অষ্ট্ৰেলিয়াই ৮ উইকেট দখল কৰি ৩৬ ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় কোহলী বাহিনী ।
দ্বিতীয় দিনাখন তিনি উইকেটত ৮০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অষ্ট্ৰেলিয়াৰ কেপ্তেইন টিম পাইনে ৭৩ ৰাণ অতিক্ৰম কৰি ১১০-৭ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হয় । খেল শেষ হোৱাৰ পাচত কোহলীয়ে সংবাদ মাধ্যমৰ আগত কয় 'যদিহে আমাৰ ওচৰত অলপ ৰাণ বাকী থকা হ'লে ১০০ ৰাণতকৈও অধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে ভাৰতীয় দলৰ উন্নত বলিং প্ৰদৰ্শন কৰিলে বিপৰীত দলটোৱে ভয় খালেহেতেন । এইটো আচৰিতজনক কথা যে খেলখন আগবঢ়াই নিবলৈ আমাৰ ওচৰত পৰ্যাপ্ত কাৰণ নাছিল । এইটো সকলোৰে বাবে নিৰাশজনক আছিল । এজন ভাল বলাৰে বলিং প্ৰদৰ্শন কৰিব লাগিছিল । কিন্তু আমি প্ৰথম খেলখনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছো ' ।