স্পৰ্টছ ডেস্ক,19 ডিচেম্বৰ :অষ্ট্ৰেলিয়াৰ এডেলেইড খেলপথাৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথমখন টেষ্ট মেছত ভাৰতক পৰাজিত কৰে ঘৰুৱা দল অষ্ট্ৰেলিয়াই ৷ 90 ৰাণৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াই মেথিউ ৱাদেৰ 33 ৰাণ আৰু জ’ বাৰ্ণছৰ 51 ৰাণেৰে এটি সুন্দৰ ৰাণৰেট লাভ কৰে ৷ ৱাদেক ঋদ্ধিমান সাহাই ৰাণ আউট কৰিবলৈ সক্ষম হয় ৷
বিৰাট কোহলীৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমখন টেষ্টৰ তৃতীয়টোত দিনত 62 ৰাণ কৰা হলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’লহেতেন ৷ কিন্তু ভাৰতীয় বেটছমেনসকলে এই লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ৷ দ্বিতীয় ইনিংছত 90 ৰাণৰ লক্ষ্যৰে বেট ধৰি ভাৰতে 36 ৰাণতে সীমাৱদ্ধ থাকিবলগীয়া হয় ৷ এই ৰাণ ভাৰতীয় দলটোৰ টেষ্ট ক্ৰিকেটৰ সৰ্বনিম্ন ৰাণ ৷ ইয়াৰ পূৰ্বে 1974 ইংলেণ্ডৰ বিৰুদ্ধে অৰ্জন কৰা 41 ৰাণ আছিল দলটোৰ সৰ্বনিম্ন ৰাণ ৷